Swadesh Adhyayan Class 12 Chapter 6 questions answers

১। তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়া।

(ক) ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্রুবাৰীত স্বাক্ষৰিত হৈছিল

(খ) ইয়াণ্ডাবু সন্ধিৰ যিকোনাে এটা চর্ত লিখা।

উত্তৰঃ ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শাস্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হব।

(গ) প্রথম ইংগ-বার্মা যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰঃ 1824 চনত সংঘটিত হৈছিল।

(ঘ) গােমধৰ কোৱৰ কোন আছিল?

উত্তৰঃ গােমধৰ কোৱৰ আহোম ৰাজ পৰিয়ালৰ সন্তান আছিল ।

(ঙ) মিলচৰ প্রতিবেদন কিমান চনত দাখিল কৰা হৈছিল?

উত্তৰঃ 1853 চনত দাখিল কৰা হৈছিল ।

২। চমুটোকা লিখাঃ

(ক) ইয়াণ্ডাবু সন্ধি

উত্তৰঃ ইয়াণ্ডাবু সন্ধি মানৰজা বা-গী-দাও আৰু জেনেৰেল আৰ্চিবল কেম্বেলৰ মাজত 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হোৱা এখন ঐতিহাসিক সন্ধি ।

    ইয়াণ্ডাবু সন্ধিৰ কাৰণঃ 

    1. মানসকলে  ৰংপুৰ এলেকাৰ হাত্রাঘাট অঞ্চলত লুটপাত চলােৱাৰ উপৰি ব্রিটিছ অধীকৃত গােৱালপাৰাত অনুপ্রৱেশ কৰিছিল।

    2. মিঙ্গিমাহা বন্দুলাই বিশাল আয়ােজনেৰে গােৱালপাৰা আক্রমণ কৰাৰ প্রস্তুতি চলােৱো বুলি ওলোৱা উৰা বাতৰি ।

    3. বংগদেশক তিনিওফালৰ পৰা আক্রমণ কৰাৰ বাবে মানে লােৱা সামৰিক প্রস্তুতি ।

    4. ব্রহ্মাদেশে ইষ্ট ই্ডিয়া কোম্পানীৰ অধীকৃত অঞ্চলত নিৰাপত্তাৰ প্রতি ভাবুকি ।

ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলীঃ 

   (১) ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শাস্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হব।

  (২) অসম, মাণপুৰ আৰু আৰাকান অঞ্চলবােৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া বাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলে সন্মতি প্রদান কৰে।

  (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান বজাই ই্ট ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়।

  (৪) ব্রহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কুটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্রদান কৰা হয়।

ইয়াণ্ডাবু সন্ধিৰ ফলাফলঃ 

     (১) ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শাস্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হব।

       (২) অসম, মাণপুৰ আৰু আৰাকান অঞ্চলবােৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া বাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলে সন্মতি প্রদান কৰে।

         (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান বজাই ই্ট ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়।

           (৪) ব্রহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কুটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্রদান কৰা হয়।

(খ) ডেভিড স্কট

উত্তৰঃ ডেভিদ স্কটে অসমৰ ৰাজহ ব্যরস্থাটোক আহােমে পূর্বতে প্রতিষ্ঠা কৰা খেল প্রথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছিল। তেওঁ অসমত নতুন ৰাজহ নীতি নির্ধাৰণ কৰাৰ ক্ষেত্রত বিস্তৰ পৰিৱৰ্তন সাধন কৰিবলৈ বিচৰা নাছিল। ডেভিদ স্কটৰ ৰাজহ সংস্কাৰৰ বিধি মতে উজনি অসমত আহোমৰ

খেল ব্যৱস্থাটো বাহাল ৰখা হয় যদিও ব্যক্তিগত সেৱাৰ সলনি প্রতিগৰাকী পাইকে বছৰি তিনিটকাকৈ নগদ কৰ (Poll Tax) দিবলগীয়া হয়। বংগদেশৰ আৰ্হিত ডেভিদ স্কটে নামনি অসমৰ ৰাজহ ব্যৱস্থাটো গঢ়ি তােলে।  ডেভিদ স্কটে জনসাধাৰণৰ বাবে সহজলভ্য ন্যায়িক ব্যৱস্থা এটা স্থাপন কবিবলৈ

বিচাৰিছিল। ডেভিদ স্কটে অসম মুলুকত ৰাজহ, কৰ-কাটল আৰু ন্যায়িক ব্যৱস্থাৰ প্রবর্তনৰ যােগেদি

ব্রিটিছ শাসনৰ পাতনি মেলিছিল।

(গ) মিলচৰ প্রতিবেদন

উত্তৰঃ ১৮৫৩ চনত বংগদেশৰ লেফটেনেন্ট গৱর্ণৰে অসম ভ্রমণৰ ইচ্ছা প্রকাশ কৰে আৰু এইবাবে অঞ্চলটোৰ বিষয়ে অনুসন্ধান চলাই এখন প্রতিবেদন দাখিল কৰাৰ বাবে নির্দেশ দিয়ে। সদৰ দেৱানী আদালতৰ বিচাৰপতি এ, জে, মফট মিলচক এই দায়িত্ব দিয়া হয়। মিলচে সেই বছৰতে আহি

শিৱসাগৰত উপস্থিত হয় আৰু অঞ্চলটো ভ্রমণ কৰি বিভিন্ন জিলাত সমীক্ষা চলাই যুগুত কৰা প্রতিবেদনখন ১৮৫৩ চনৰ শেষৰ পিনে দাখিল কৰে। গুৰুত্বপূর্ণ এই প্রতিবেদনখনক মিলচৰ প্রতিবেদন নামেৰে জনা যায়।

(ঘ) যােৰহাট সার্বজনিন সভা

উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ তৎপৰতাত  যােৰহাট সার্বজনিক সভাই প্রতিষ্ঠা লাভ কৰে। এই সভাৰ প্রতিষ্ঠাপক সভাপতিগৰাকী হল ৰাজা নৰনাৰায়ণ সিং আৰু সম্পাদক জগন্নাথ বৰৱা।

১৮৮৬ চনত ব্রিটিছে প্রৱর্তন কৰা অসম ভূমি আৰু ৰাজহ নীতিৰ সার্বজনিক সভাই বিৰোধিতা কৰিছিল। আৰু ১৯০৫ চনৰ বংগ বিভাজনৰো বিৰোধিতা কৰিছিল । এই সভাই অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা আৰু ক্ষোভ

প্রকাশ কৰাৰ লগতে চৰকাৰৰ আর্থ-সামাজিক নীতি-নির্ধাৰণৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছিল। যােৰহাট সার্বজনিক সভাৰ মুখ্য উদ্দেশ্য তিনিটা আছিল

১। মানুহৰ ইচ্ছা আকাংক্ষাবােৰক চৰকাৰৰ ওচৰত প্রতিনিধিত্ব কৰা।

২। চৰকাৰী নীতিসমূহ জনসাধাৰণৰ মাজত ব্যাখ্যা কৰা।

৩| জনসাধাৰণৰ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰা।

(ঙ) স্বদেশী আন্দোলন

উত্তৰঃ স্বদেশী আন্দোলন  ব্রহ্মপুত্র উপত্যকাত বংগ বিভাজনক কেন্দ্র কৰি গডঢ়ি উঠা আন্দোলনটো মূলতঃ নগৰ আৰু মফছল অঞ্চলতহে সীমাবদ্ধ আছিল। আন্দোলনকাৰীসকলে বিদেশী সামগ্রী বর্জন কৰি স্বদেশী সামগ্রী গ্রহণ কৰাৰ বাবে আহ্বান জনাইছিল। অসমৰ নগৰবােৰত মানুহে ইংলেগুৰ লিভাৰপুলত তৈয়াৰী নিমখ বর্জন কৰি খাৰ ব্যৱহাৰ কৰিবলৈ লৈছিল; বিদেশত তৈয়াৰী চেনীৰ সলনি বাৰাণসীত উৎপাদিত চেনীহে ব্যৱহাৰ কৰিছিল; ইউৰােপৰ বস্ত্রশিল্পত তৈয়াৰী কাপােৰৰ সলনি ঘৰতে বােৱা-কটা কৰা কাপােৰ ব্যৱহাৰ কৰিব লৈছিল। কামাখ্যা মন্দিৰৰ প্রধান পুৰােহিতে পাণ্ডা আৰু দোকানবােৰত বিদেশী সা-সামগ্রী ব্যৱহাৰ

নকৰিবলৈ পৰামর্শ আগবঢ়াইছিল। এনে পৰিৱেশত ৰাজ্যখনত খিলঞ্জীয়া লােকৰ দোকান-পােহাৰ গঢ়ি উঠিছিল আৰু স্বদেশী বয়বস্তু কিনা-বেচা কৰাৰ প্রক্রিয়া আৰম্ভ হৈছিল।

(চ) অসহযােগ আন্দোলন

উত্তৰঃপ্রথম মহাযুদ্ধৰ ফলত সৃষ্টি হােৱা অর্থনৈতিক সংকট আৰু জনসাধাৰণে ইয়াৰ বাবে দিবলৈ বাধ্য হােৱা গধূৰ কৰ-কাটলে দেশৰ মানুহৰ মনত ক্ষোভৰ জন্ম দিছিল আৰু এনে পৰিবেশতে ভাৰতবর্ষত অসহযােগ আন্দোলনৰ পটভূমি ৰচনা হৈছিল। অসহযােগ আন্দোলনৰ কাৰণসমূহ –

১। মন্টেগু-ছেমচফোর্ড সংস্কাৰে দেশৰ জনসাধাৰণক সন্তুষ্ট কৰিব পৰা নাছিল; কিয়নাে এই সংস্কাৰে ভাৰতীয় লােকৰ স্বশাসনৰ অধিকাৰ মানি লােৱা নাছিল।

২। ভাৰতীয় মুছলমাসকলে প্রথম বিশ্বযুদ্ধৰ অন্তত তুৰস্কৰ সাম্রাজ্যখন বিভাজন কৰাৰ পৰিকল্পনাব

প্রতি অসন্তুষ্টি প্রকাশ কৰিছিল। তুৰস্কৰ অটমান সাম্রাজ্যৰ সুৰক্ষাৰ বাবে ব্রিটিছৰ পৰা নিশ্চয়তা

লাভ কৰিবলৈ ভাৰতীয় মুছলমান সকলে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল।

৩ | ১৯১৯ চনৰ ৰাওলাটু আইনখনে সন্ত্রাসবাদী কার্যত জড়িত থকা বুলি সন্দেহ কৰি যিকোনাে

লােককে বিচাৰবিহীনভারে দুবছৰ কাৰাদণ্ড বিহাৰ কথাটোক ভাৰতীয়সকলে সহজভাবে লােরা

নাছিল। এই আইনখনৰ বিৰুদ্ধে দেশত ব্যাপক প্রতিবাদ সংগঠিত হৈছিল আৰু মহাত্মাগান্ধীকে

ধৰি কংগ্রেছৰ নেতৃত্বই এই আইনখনৰ বিৰােধিতা কৰিছিল।

৪। অমৃতসৰৰ জালিৱানালাবাগত আইনখনৰ প্রতিবাদ কৰাৰ বাবে সমবেত হােৱা লােকৰ ওপৰত

জেনেৰেল ডায়াৰে নির্মমভাৱে কৰা গুলীবর্ষণৰ ফলত বহুলােকৰ মৃত্যু হৈছিল আৰু এই নিষ্ঠুৰ

ঘটনাক জালিয়ানালাবাগৰ হাত্যাকাণ্ড বুলি জনা যায়। 

     এনেবােৰ ঘটনাই ভাৰতীয় লােকৰ মনত ব্রিটিছ শাসনৰ প্রতি বিদ্বেষৰ জন্ম দিছিল। সাংবিধানিক

উপায়েৰে দাবীসমূহ ব্রিটিছ চৰকাৰে পূৰণ নকৰাৰ বাবে ১৯২০ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছ অধিরেশনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন গঢ়ি তােলাৰ সিদ্ধান্ত লৈছিল।

(ছ) লােণ আইন ভংগ

উত্তৰঃ লােণ আইন ভংগ মহাত্মা গান্ধীৰ নেতৃত্বত চলা এক অহিংস গণ প্ৰতিবাদ আছিল। এই প্ৰতিবাদ ব্ৰিটিছৰ লৱণ একক অধিকাৰৰ বিৰুদ্ধে কৰা প্ৰতিৰোধ আৰু অহিংস আন্দোলনৰ এক প্ৰত্যক্ষ কাৰ্য্য অভিযান আছিল। মহাত্মা গান্ধীয়ে তেওঁৰ ৭৯ জন বিশ্বাসযোগ্য স্বেচ্ছাসেৱকৰ সৈতে এই মাৰ্চ আৰম্ভ কৰিছিল। ২৪ দিনৰ বাবে দিনে দহ মাইলকৈ খোজ কাঢ়ি, সবৰমতী আশ্ৰমৰ পৰা সেই সময়ত নৱসাৰী (এতিয়া গুজৰাট ৰাজ্যত) বুলি কোৱা দাণ্ডীলৈ এই সমদলে মুঠ ২৪০ মাইল (৩৮৪ কিমি) পথ অতিক্ৰম কৰিছিল। যাত্ৰাপথত ভাৰতীয়ৰ সংখ্যা ক্ৰমে বাঢ়ি গৈছিল। যগান্ধীয়ে ১৯৩০ চনৰ ৬ এপ্ৰিলত ৬:৩০ বজালৈ লেণ আইন ভংগ কৰাছিল, তেতিয়া লাখ লাখ ভাৰতীয়ৰ দ্বাৰা ব্ৰিটিছৰ লোণ আইনৰ বিৰুদ্ধে বৃহৎ পৰিসৰত গণ প্ৰতিবাদৰ সৃষ্টি কৰিছিল।

(জ) ঘূৰণীয়া মেজমেল

উত্তৰঃ  ১৯৩০ চনত চাইমন আয়ােগৰ প্রতিবেদন প্রকাশ হয়। এই প্রতিবেদনত ভাৰতক পূর্ণ স্বৰাজ দিয়াৰ কথা উল্লেখ নথকাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ভাইছৰয় আৰউইনে পূর্ণ স্বৰাজৰ প্রসঙ্গটো আলােচনা কৰাৰ বাবে এখন ঘূৰণীয়া মেজমেলৰ পােষকতা কৰে। ১৯৩০ চনৰ নৱেম্বৰ মাহত লণ্ডনত প্রথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় আৰু কম সংখ্যক ভাৰতীয় প্রতিনিধিয়ে ইয়াত অংশগ্রহণ কৰে। এইটো কথা স্পষ্ট হৈ পৰিছিল যে কংগ্রেছক বাদ দি ইংৰাজে ভাৰতক সাংবিধানিক অধিকাৰ দিয়াৰ বিষয়ে কথা পতাতাে তেনেই অর্থহীন। এইবাবেই গান্ধীজী আৰু আন আন কংগ্রেছ নেতাসকলক জেলৰ পৰা মুকলি কৰি দিবলৈ ভাইছৰয়ে নির্দেশ দিছিল। ১৯৩১ চনৰ মেত গান্ধী আৰউইন চুক্তি সম্পাদিত হৈছিল আৰু এই চুক্তিৰ প্রতি দেশৰ জনতাই প্রতিক্রিয়া প্রকাশ কৰিছিল। কিয়নাে, মহাত্মা গান্ধীয়ে ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ মৃত্যুদণ্ডৰ আদেশ বাতিল কৰাত বিফল হৈছিল।

এই চুক্তিৰ ফলত আইন অমান্য আন্দোলন উঠাই লােৱা হৈছিল আৰু কংগ্রেছে পৰৱৰ্তী ঘূৰণীয়া

মেজমেলত অংশ লব বুলি প্রতিশ্রুতি দিছিল। 

(ঝ) গােপীনাথ বৰদলৈ

উত্তৰঃ অসমত অনুষ্ঠিত হােৱা নির্বাচনত কংগ্রেছ দলে ৫৮ খন আসন লাভ কৰে আৰু কেইগৰাকীমান নির্দলীয় সদস্যৰ সমর্থন লৈ গােপীনাথ বৰদলৈয়ে ১৯৪৬ চনৰ ১০ ফেব্রুবাৰীত অসমত চৰকাৰ গঠন কৰে। যুদ্ধই সূচনা কৰা নানা সমস্যাৱলীৰ লগতে বৰদলে মন্ত্রীসভাই প্রব্রজনৰ সমস্যাটোত অধিক মনােনিৱেশ কৰিবলগীয়া হৈছিল। 

(ঞ) ভৈয়ামৰ জনজাতীয় ৰাজনীতি

উত্তৰঃ কুৰি শতিকাৰ ষাঠি দশকৰ পৰাই ভৈয়ামৰ জনজাতি বিশেষকৈ বড়ো জনগোষ্ঠীৰ মাজত আন্দোলন মুখী প্ৰৱণতাই গা কৰি উঠিছিল । ১৯৪৬ চনতেই ‘সদৌ অসম ভৈয়াম ট্ৰাইবেল লীগ’ গঠন হৈছিল । ট্ৰাইবেল লীগে পৃথক ৰাজ্য উত্থাপন উদায়াচলৰ দাবীক বিচাৰ বিবেচনা কৰিবলৈ চৰকাৰে এখন ভাষিক সংখ্যালঘু সমিতি গঠন কৰি দিছিল । আৰু এই সমিতিখনে ভৈয়াম জনজাতি পৰিষদৰ সৈতে মিলিত হৈ বিষয় মীমাংসা সূত্ৰ উদ্ভাৱন চেষ্টা চলাইছিল ।

(ট) ভাষা আন্দোলন

উত্তৰঃ ১৯৬০ চনত অসমত অসমীয়া ভাষাৰ অস্তিত্বক কেন্দ্র কৰি উত্তেজনাপূর্ণ পৰিস্থিতি হৈ পৰিছিল । ভাষাক কেন্দ্র কৰি সৃষ্টি হােৱা

আন্দোলনত ছাত্র সমাজে সক্রিয় ভূমিকা লৈছিল। ১৯৫১ চনৰ লােকপিয়ল অনুসৰি অসমীয়া ভাষী লােকৰ সংখ্যা ৭৫% হ’লেও অসম সাহিত্য সভা

আৰু অসমীয়া মধ্যবিত্ত শ্রেণীৰ লােকে ভাষাগত পৰিচয়ৰ প্রতি অনাঅসমীয়াৰ পৰা প্রত্যাহ্বান আহিব পাবে বুলি সংশয় প্রকাশ কৰাৰ ফলত জাতিগত সংঘা’তৰ বাতাবৰণৰ সৃষ্টি হয়। ১৯৭২ চনত অসমীয়া ভাষাটো প্রাক্-স্নাতক আৰু স্নাতক পর্যায়ত মাধ্যম হিচাপে প্রয়ােগ কৰা বিষয়টোক লৈ পুনৰ বৃহৎ আন্দোলন এটা আৰম্ভ হয়।

(ঠ) অসম আন্দোলন।

উত্তৰঃ অসম আন্দোলন ১৯৭৯ চনৰ এপ্রিল মাহৰ পৰা অসম আন্দোলনটো আৰম্ভ হৈছিল। মঙলদৈ লােকসভা সমষ্টিৰ উপ-নির্বাচনৰ সময়ত ভােটাৰ তালিকাত বৃহৎ সংখ্যক বিদেশী নাগৰিকৰ নাম সন্নিবিষ্ট হােৱা কথাটো প্রকাশ হােৱাত ছাত্র সংস্থা

আৰম্ভ কৰা বিদেশী বহিষ্কাৰ আন্দোলনটোৱে ব্যাপকতা লাভ কৰে। একেটা বছবৰে ৭ জুন তাৰিখে জনতা দলৰ গােলাপ বৰবৰাৰ মন্ত্রীসভাৰ পতন ঘটে। ১৯৮৫ চনত প্রধানমন্ত্রী ৰাজীৱ গান্ধী আৰু আন্দোলনকাৰী পক্ষ সদৌ অসম ছাত্র সংস্থা তথা সদৌ অসম গণ সংগ্রাম পৰিষদৰ প্রতিনিধিৰ মাজত ঐতিহাসিক অসম চুক্তি’স্বাক্ষৰিত হয়। এই চুক্তিৰ অন্যতম চর্ত হল ১৯৭১ চনৰ ২৫ এপ্রিলৰ পিছত অহা অবৈধ অনুপ্রবেশকাৰীক অসমৰ পৰা বহিষ্কাৰ কৰা হব । ১৯৮৫ চনত স্বাক্ষৰকাৰী ছাত্র সংস্থাৰ নেতৃত্বই বিধানসভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ বাবে গােলাঘাট নগৰত অসম গণ পৰিষদ নামৰ নতুন আঞ্চলিক দল এটাৰ জন্ম দিয়ে। ১৯৮৫ চনত প্রথমবাৰৰ বাবে ৰাজ্যখনত অসম গণ পৰিষদ নামৰ আঞ্চলিক দল এটাৰ নেতৃত্বত ৰাজ্য চৰকাৰ গঠন হয় ।

(ড) পথৰুঘাটৰ ৰণ।

উত্তৰঃ ইংৰাজ শাসনত কৰ বৃদ্ধিক কেন্দ্ৰ কৰি কৃষকসকলৰ মাজত ব্যাপক অসন্তোষৰ সৃষ্টি হৈছিল। দৰং আৰু কামকূপ জিলাৰ কৃষকসকলে ব্রিটিছৰ কৰনীতিৰ বিৰদ্ধে ৰাইজমেল পাতি প্রতিবাদ সাব্যস্ত কৰিছিল। দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ কৃষকসকলে ৰাইজমেল পতাৰ বাবে যাে-জা কৰিছিল। এই কথাৰ উমান পাই ১৮৯৪ চনৰ ২৮ জানুৱাৰী নিশা উপায়ুক্ত জে. ডি. এণ্ডাৰচন আৰু পুলিচ চুপাৰিটেণ্ডেন্ট বেৰিংটনে সশস্ত্র বাহিনী এটা লৈ পথৰুঘাটত উপস্থিত হৈছিল। ২৮ জানুৱাৰীৰ দিনা উপায়ুক্ত অহাৰ খবৰ পাই ৰাইজমেললৈ অহা কৃষকৰ সংখ্যা বৃদ্ধি পাইছিল। ৰাইজে আশা কৰিছিল যে জিলা উপায়ুক্তই খাজনা কিছু লাঘৱ কৰি কৃষকসকলক সকাহ দিব। কিন্তু উপায়ুক্তই সমবেত ৰাইজক ঘৰাঘৰি যােৱাৰ বাবে আদেশ দিয়াত কৃষকসকল ক্ষুব্ধ হৈ পৰে আৰু উপায়ুক্তৰ নির্দেশ মানিবলৈ অস্বীকাৰ কৰাত পুলিচ বাহিনীয়ে কৃষকসকলক বেয়নেটেৰে আক্রমণ কৰিবলৈ

উদ্যত হয়। ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত কৃষকসকলে পুলিচৰ গালৈ মাটিৰ চপৰা দলিয়াবলৈ ধবে আৰু কিছুমানে লাঠিৰে পুলিচৰ আক্রমণক বাধা দিয়াৰ চেষ্টা কৰে। পুলিচৰ গুলী চালনাত ভালেসংখ্যক কৃষকৰ মৃত্যু হয়। পথৰুঘাটৰ অঞ্চলৰ এই বিদ্ৰোহক পথৰুঘাটৰ ৰণ বোলা হয় ।

তলৰ প্রশ্নসমূহৰ উত্তৰ লিখা-

৩। ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী আৰু ফলাফল আলােচনা কৰা।

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলীঃ

     ১) ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শাস্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হব।

     (২) অসম, মাণপুৰ আৰু আৰাকান অঞ্চলবােৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া বাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলে সন্মতি প্রদান কৰে।

      (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান বজাই ই্ট ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়।

     (৪) ব্রহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কুটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্রদান কৰা হয়।

      ইয়াণ্ডাবু সন্ধিৰ ফলাফলঃ

      (১) ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শাস্তি আৰু বন্ধুত্বপূর্ণ সম্পর্ক ৰক্ষা কৰা হব।

      (২) অসম, মাণপুৰ আৰু আৰাকান অঞ্চলবােৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া বাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলে সন্মতি প্রদান কৰে।

     (৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান বজাই ই্ট ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়।

     (৪) ব্রহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কুটনৈতিক প্রতিনিধি ৰখাৰ অনুমতি প্রদান কৰা হয়।

Leave a Comment