ৰচনা লিখা নিয়ম – assamese essay writing

ৰচনা কেনেকৈ লিখিব লাগে ,বিভিন্ন ধৰণৰ ৰচনা লিখাৰ কৌশল ,ৰচনাত সৰহ নম্বৰ পোৱাৰ কৌশল

ৰচনা কেনেকৈ লিখিব লাগে

ৰচনা হৈছে গদ্যত লিখা চুটি প্রবন্ধ। ইয়াত একোটা নির্দিষ্ট বিষয়ৰ আলোচনা কৰি, সেই বিষয়টো সম্পর্কত যুক্তিনির্ভৰ মতামত এক সু-শৃংখলিত পদ্ধতিৰে প্ৰকাশ কৰা হয়। এনে ধৰণৰ একোখন ৰচনাৰ প্ৰকাশভংগী, বিষয়বস্তু উপস্থাপনৰ ৰীতি আদিত লেখকৰ চিন্তাধাৰাৰ মান প্রকাশিত হয়। ৰচনা লিখিবলৈ লোৱা বিষয়টো সম্পৰ্কত লেখকজনৰ জ্ঞান আৰু তেওঁৰ গভীৰতাৰ অতি প্রয়োজন । ৰচনা এখনত লেখকৰ এই দিশবোৰৰো উমান পোৱা যায় ৷ ৰচনা লিখাৰ বাবে প্ৰথম অভ্যাস কৰা হয় ছাত্ৰ জীৱনৰ পৰা। সেই সময়ত ছাত্র-ছাত্রীসকলে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবৰ বাবে ৰচনা লিখাৰ অভ্যাস কৰে। কিন্তু বয়স্ক লোকৰ বাবেও ৰচনাই জ্ঞানৰ যোগান ধৰিব পাৰে বা তথ্য সংগ্ৰহৰ প্ৰতি আগ্ৰহী কৰিব পাৰে ৷
আমি ইয়াত ছাত্ৰ-ছাত্ৰীসকলক ৰচনা লিখাৰ কিছুমান কৌশলৰ লগত চিনাকি কৰি দব খুজিছোঁ ৷ কাৰণ ৰচনা লিখাৰ কলা-কৌশল আৰু পাৰদৰ্শিতা শিক্ষাৰ এটা প্রধান অংগ বুলি কোৱা হয। শিক্ষাৰ অন্যতম উদ্দেশ্যই হৈছে মানুহক চিন্তা কৰিবলৈ শিকোৱা। চিন্তাৰ ফলসমূহ প্ৰকাশ কৰিবলৈ এটা মাধ্যমৰ প্ৰয়োজন। অন্যহাতে, সু-শৃংখলিত চিন্তাৰ বাবে এটা বিষয় লাগে। এই দুয়োটাৰে বাবে ‘ৰচনা ‘ই উপযুক্ত আহিলা।

      ৰচনা লিখাৰ কৌশলবোৰ :-

১। ৰচনাখন লিখিবলৈ লোৱাৰ আগতেই বিষয়টো মূলতঃ তিনিটা ভাগত ভগাই লোৱা ভাল৷ সেইকেইটা হৈছেঃ ভূমিকা, মূল বক্তব্য আৰু উপসংহাৰ বা সামৰণি। 

২। ৰচনাখনৰ আৰম্ভণিয়েই হৈছে ভূমিকা বা প্রস্তাৱনা অংশ। ই অতি গুৰুত্বপূৰ্ণ অংশ। এই অংশতে ৰচনাৰ মূল বিষয় সম্পৰ্কত পাঠক অৱগত হোৱা উচিত। কাৰণ এই অংশ পঢ়িয়েই পাঠক ৰচনাৰ মূল বিষয়ৰ প্ৰতি আকৰ্ষিত হ’ব। ভূমিকা অংশত যাতে কোনো অপ্রাসংগিক কথা বা অনাৱশ্যক দীঘলীয়া বিৱৰণ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰখা দৰকাৰ।

৩। ভূমিকাৰ পাছতে আৰম্ভ হয় ৰচনাখনৰ মূল বিষয়। মূল্য বক্তব্য পৰিৱেশনৰ বাবে বিষয়টো প্রয়োজনীয় সংকেতত ভাগ কৰি প্ৰতিটো ভাগ একোটাকৈ পেৰাগ্ৰাফেৰে বৰ্ণনা কৰিলে পাঠক-পৰীক্ষক উভয়ে আকর্ষিত হয়। এনেকৈ ব্যাখ্যা কৰি কৰিয়েই মূল বিষয়টো সমাপ্তিৰ ফালে লৈ যাব পাৰি।
সিদ্ধান্তমূলক সমাপ্তিয়েই হৈছে ৰচনাখনৰ উপসংহাৰ। আৰম্ভণি বা ভূমিকাৰ দৰে সমাপ্তিৰ অংশও ৰচনা এখনৰ বাবে সমানে গুৰুত্বপূৰ্ণ। নদী এখনে উৎসৰ পৰা যাত্ৰা কৰি গতিপথৰ নানা বৈচিত্র্য পাৰ হৈ, মোহনাত সমুদ্ৰৰ বিশাল জলৰাশিৰ সৈতে মিলি গৈ পৰিক্ৰমা সাৰ্থক কৰে, সেই কথা ৰচনা এখনৰ ক্ষেত্ৰতো খাটে। উপসংহাৰত লেখক যিদৰে আলোচনাৰ সিদ্ধান্তত উপনীত হয়, সেইদৰে ৰচনাত লেখকৰ নিজস্ব অভিমত বা আশা-আকাংক্ষাও প্রতিফলিত হয়।

৪। ৰচনা লিখা বিষয়টো নির্দিষ্ট কৰি লোৱাৰ পাছত সেই বিষয়টো সম্পর্কে ভালদৰে চিন্তা-চৰ্চা কৰি ল’ব লাগে। লেখকে এই বিষয়টো সম্পৰ্কত থকা তেওঁৰ জ্ঞান আৰু তথ্য-পাতিবোৰ পৰিপাটিকৈ সজাই পৰাই ল’ব লাগে। এই জ্ঞান বা তথ্যই হৈছে ৰচনাখনৰ জঁকা। তাৰেই ৰচনাখনৰ এটা অব্যৱ গঢ়ি তোলা যায। কিন্তু কেৱল তথ্যৰেই একোখন ৰচনা সৃষ্টি কৰিব পৰা নাযায়। তথ্যৰে গঢ়া ৰচনাখনৰ জঁকাটোত প্ৰাণ সঞ্চাৰ কৰিবলৈ হ’লে, প্ৰথমতে তাৰ তথ্যবোৰ পৰিকল্পিতভাৱে সজাব লাগিব। তাৰ পাছত সিবোৰ পৰিবেশনৰ কাম। পৰিবেশনৰ বাবে ভাষাৰ প্ৰযোজন।

 ৫। ৰচনাৰ ভাষা সদায শুৱলা হ’ব লাগে। বাক্যৰ ব্যৱহাৰ হ’ব লাগে মাৰ্জিত আৰু সহজে বুজি পোৱা ধৰণৰ। অৱশ্যে আমি মনত ৰাখিব লাগিব যে ৰচনা মুখ্যতঃ সাহিত্যহে। গতিকে ই সুপাঠ্য আৰু আকর্ষণীয় হ’ব লাগিব। 

৬। ৰুচনাখনৰ বিষয়টো সম্পৰ্কত লেখকৰ মনৰ ভাব স্পষ্ট আৰু পৰিপাটি হোৱা দৰকাৰ। এনে ভাৱেৰে সৃষ্টি হোৱা ৰচনাৰ ভাষাও আপোনা-আপুনি স্পষ্ট আৰু পৰিপাটি হৈ পৰে।

৭। ৰচনা এখনৰ আৰম্ভণি আৰু সমাপ্তিৰ বাক্যটোত গুৰুত্ব দিব লাগে। ইযাতে লেখকৰ ৰচনাৰ নিপুণতাও ফুটি উঠে। এই বাকা দুটা নির্ভুল, নিটোল আৰু লক্ষ্যত দৃঢ় হোৱা উচিত। এচৰু ভাতৰ এটা চাউল পিটিকিযেই ৰন্ধনৰ বুজ লোৱাৰ দৰে, ৰচনা এখনৰ আৰম্ভণিৰ আৰু সমাপ্তিৰ বাক্য দুটাৰ পৰাই ৰচনাখনৰো সাফল্যৰ গম ল’ব পাৰি।

৮। ৰচনা এখন আকর্ষণীয় কৰিবৰ বাবে আৰম্ভণি অংশটোত গুৰুত্ব দিব লাগে। দুই-চাৰিটা চুটি বাক্য বা কেতিয়াবা কবিতাৰ পংক্তি ৰচনাৰ আৰম্ভণিতে উল্লেখ কৰিব পাৰি ৷ যেনে শংকৰদেৱৰ ৰচনাৰ আৰম্ভণিতে ‘কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি’ নামৰ যতীন্দ্ৰনাথ দুৱৰাৰ ‘শংকৰদেৱ’ কবিতাৰ এটা পংক্তি তুলি দিব পাৰি। তেনেদৰে জাতীয় উৎসৱ বিহু লিখোতে বিহুগীতৰ এটা কলিৰে আৰম্ভণি কৰিব পাৰি। তেতিয়া ৰচনাখনৰ আৰম্ভণি শুৱলা হয।

 ৯। ৰচনাখনৰ প্ৰথম পেৰাগ্ৰাফতে বিষয়টোৰ লগত পাঠকক পৰিচিত কৰি দিব লাগে। অর্থাৎ, আৰম্ভণি অংশ বা ভূমিকাৰ পাছৰ অধ্যায় বিষয়বস্তুৰ লগত পৰিচিতি। বিষয়টো প্ৰকৃততে কি? ধৰা হওঁক, ‘টেলিভিছন’ বিষয়ক ৰচনাখনৰ এই পর্যায়ত লিখিব লাগিব টেলিভিছন বস্তুটো কি? তাৰ পাছত আহিব কেতিয়া আৰু কেনেকৈ ইয়াৰ আৰম্ভণি হ’ল ইত্যাদি।

 ১০। বহুতে ভাবে, একোটা দীঘল শব্দ বা বাক্যৰ ব্যৱহাৰে ৰচনাৰ মান উন্নত কৰে। পাছে, এয়া এক ভ্রান্ত ধাৰণা৷ বিশেষকৈ, অনাহকতে ব্যৱহাৰ কৰা তেনে একোটা দীঘল শব্দ বা বাক্যই ৰচনাখনৰ মান লঘুহে কৰে, গতিকে বাক্যৰ গাঁথনি পৰাপক্ষত চুটি আৰু লক্ষ্য বিষয়ৰ অৰ্থ প্ৰকাশক হোৱা উচিত। পৰীক্ষাগৃহত সময়ৰ নাটনিত যাতে ৰচনাখন আধা লিখা নহয় তাৰ বাবে প্রথমেই সজাগ হোৱা ভাল।

 ১১। ৰচনাখনৰ ভাষাৰ ক্ষেত্ৰত সততে সংস্কৃত, তৎসম আদি শব্দৰ ব্যৱহাৰৰ লগে লগে ঘৰুৱা শব্দৰ ব্যৱহাৰেৰে ৰচনাখনৰ বাক্য-গাঁথনি যাতে ‘গুৰুচণ্ডালি’ দোষেৰে দুষ্ট নহয, তাৰ প্ৰতি লেখক সততে সতর্ক হোৱা দৰকাৰ। ৰচনাখনৰ কোন ঠাইত প্রকাশভংগী গুৰু-গম্ভীৰ হ’ব, কোন ঠাইত লঘু-পৰিহাসপূৰ্ণ বাক্য হ’ব বা ক’ত কোনোবা কবি-সাহিত্যিকৰ উক্তি ব্যৱহাৰ কৰিব পৰা যাব – এই বিষয়ত লেখকজনৰ সম্যক জ্ঞান থকা দৰকাৰ।

১২। ৰচনাৰ মাজত বিষয়বস্তুৰ লগত সামঞ্জস্য থকা কাহিনী, লোক-কথা আদি উল্লেখ কৰিব পাৰি। মন কৰিব লাগে যে চুটিকৈ উল্লেখ কৰা এনে কাহিনীয়ে ৰচনাৰ ভাবার্থ গভীৰ কৰি তোলে। কিন্তু অতি দীঘলীয়া বর্ণনাই আমনিদায়কহে কৰে। শংকৰদেৱৰ ৰচনাৰ মাজত শংকৰ-মাধৱৰ মিলনৰ কাহিনী বর্ণনা কৰিব পাৰি। কিন্তু তেওঁলোকঁৰ মাজত হোৱা বাক্‌-যুদ্ধৰ পুংখানুপুংখ বৰ্ণনা ৰচনাৰ মাজত প্ৰয়োজন নাই।

১৩। একেটা বিষয়কে বাৰে বাৰে লিখিব নালাগে। বিতর্কমূলক ভাব থাকিলে কেউটা দিশ ভালদৰে বিশ্লেষণ কৰি নিৰপেক্ষ মতামতহে ৰচনাত প্ৰদান কৰা উচিত। সেইদৰে বাক্যৰ পুনৰাবৃত্তিয়েও ৰচনা এখন অশুৱনি কৰি তোলে। বিভিন্ন ধৰণেৰে লিখি একে অৰ্থকে প্ৰকাশ কৰা বাক্যৰে ৰচনাখন দীঘল কৰিলে কোনো লাভ নহয়। অর্থপূর্ণ কম বাক্যৰে হ’লেও ৰচনা উন্নতমানৰ হ’ব পাৰে। 

১৪। কেতিযাবা দেখা যায় ৰচনাৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ বুজি নাপায়। মূল বিষয়ৰ পৰা আঁতৰি গৈ আন কথা বেছিকৈ লিখে। ‘আমাৰ পৰিৱেশ আৰু প্ৰদূষণ’ বিষয়ক ৰচনা লিখিবৰ বাবে প্ৰথমে পৰিৱেশৰ বিষয়ে লিখি পাছত প্ৰদূষণৰ

বিষয়ে লিখি ইটোৰ লগত সিটোৰ সংগতি নোহোৱা কৰিব নালাগে।

✉ ৰচনাখনৰ মূল বক্তব্য লিখি শেষ কৰাৰ পাছত এটা সামৰণি অনুচ্ছেদ থকা ভাল। আৰম্ভণিৰ দৰে সামৰণিতো কবিতাৰ পংক্তি বা কোনো মহৎলোকৰ বাণী উল্লেখ কৰিব পাৰি। অৱশ্যে ই ৰচনাৰ মূল কথাৰ লগত মিল থকা হ’ব লাগিব। সামৰণি অনুচ্ছেদটোক লিখোতাৰ নিজস্ব মতামতজ্ঞাপক অনুচ্ছেদ বুলিও ক’ব পাৰি। কিছুমান ৰচনাত লেখকৰ মস্তব্যই এটা সুন্দৰ সিদ্ধান্তত উপনীত হোৱাত সহায় কৰে। ‘মানৱ জীৱনত বিজ্ঞান’ শীৰ্ষক ৰচনাখনৰ শেষত বিজ্ঞানে মানৱ জীৱনত পেলোৱা সু আৰু কু প্ৰভাৱ আলোচনা কৰা হ’ব। দুয়োটা দিশ বিবেচনাৰ অন্তত নিজস্ব মতামত দাঙি ধৰিব পাৰি। ইয়ে ৰচনাখন শেষ হোৱা বুলি বুজিবলৈ দিয়ে। ✉ নির্ভুল বানান আৰু নির্ভুল ৰাক্যগাঁথনি এখন উন্নত মানৰ ৰচনাৰ বাবে অপৰিহাৰ্য। ছাত্র-ছাত্রীসকল এই বিষয়ত যথেষ্ট সতর্ক হোৱা দৰকাৰ।

ৰচনাৰ প্ৰাসংগিকতা ৰক্ষা কৰি ঠায়ে ঠায়ে কোনো কবি-সাহিত্যিকৰ উক্তি, প্রবচন

Leave a Comment