অসমীয়া জাতিক একত্ৰিত কৰি ৰখাত বিহুৰ ভূমিকা

বিহু অসমীয়াৰ প্ৰাণ। বিহু হ’ল অসমৰ জাতীয় উৎসৱ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতিকাষৰীয়া ৰাজ্যতো কোনো জাতি-জনজাতিৰ লোকে বিহু বা ইয়াৰ সমান্তৰাল উৎসৱ পালন কৰা দেখা যায়। ইতিহাসে ঢুকি নোপোৱাৰ কালৰে পৰা এই ভূখণ্ডত বিভিন্ন গোষ্ঠীয় লোকে তেওঁলোকৰ উৎসৱ অনুষ্ঠানাদি পালন কৰি আহিলেও সাম্প্রতিক সময়ত জাতি ধর্ম বর্ণ নির্বিশেষে অসমৰ মানুহে জাতীয় উৎসৱ বুলি আদৰি লোৱাৰ উৎসৱটিয়েই হ’ল বিহু। তাহানিৰ মুকলি পথাৰ আৰু গছতলৰ বিহুৱেই এতিয়া দুৰদৰ্শন আৰু ইণ্টাৰনেটটো প্ৰৱেশ কৰিলে। তদুপৰি প্রবাসী অসমীয়া সকলৰ জৰিয়তে বিহুৱে আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশৰ মঞ্চ কপাবলৈ সক্ষম হৈছে।বিহুৰ এক বৈশিষ্ট্য হ’ল জাতি ধর্ম বর্ণ নির্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা উৎসৱ; যিখন অসমৰ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক। বিহুৰ আৱেগিক সম্পৰ্কৰ্ক অসমীয়া জীয়াই থাকে মানে কেতিয়াও পাহৰিব নোৱাৰি। বিহু মূলতঃ এক কৃষিভিত্তিক উৎসৱ। কৃষি উৎসৱ বিশেষকৈ বছৰৰ তিনিটা নিৰ্ধাৰিত সময়ত পালন কৰা হয়। সেইসমূহ হৈছে :- (ক) খেতিৰ আৰম্ভণি বেলিকা, (খ) খেতিৰ বাহনি বেলিকা, (গ) খেতি চপোৱাৰ শেষত।অসমত পালন কৰা তিনি বিহু হ’ল বহাগ বিহু বা ৰঙালী বিহু, কাতি বা কঙালী বিহু, মাঘ বা ভোগালী বিহু।বসন্তৰ আগমনত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহু যৌৱনৰ উৎসৱ। কৃষি-সংস্কৃতিৰে আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি-বাতিৰ উৰ্বৰতা সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়েহে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহু কৃষিৰ লগত ওতঃপ্রোতভাৱে সম্বন্ধ আছে। বহাগ বিহু বা ৰঙালী বিহু একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ছয় তাৰিখলৈ অর্থাৎ সাতদিন ধৰি বহাগ বিহু উদযাপন কৰা হয়। সাতদিন ধৰি পতা এই বিহুৰ এটা সুকীয়া নাম আছে। ইয়াক সাতবিহু বুলি জনা যায়। চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হোৱা এই বিহুক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। কোনো কোনোৱে এইদৰেও কয় :- গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু। এই সাতটা বিহুক সাত বিহু নামেৰে জনা যায়। আজিকালি কোনো কোনো অঞ্চলত গোটেই বহাগ মাহ ধৰি বিহুত মগ্ন হৈ নাচ-গান কৰি থাকে। বর্তমান আধুনিক যুগত ৰঙালী বিহু মূলতঃ মঞ্চ বিহুলৈ পর্যবসিত হৈছে। ব’হাগ মাহত নগৰে চহৰে, গাঁও-ভূঁইত ৰঙালী বিহু সন্মিলনসমূহৰ মঞ্চত বিহু নৃত্য প্ৰদৰ্শন, বিহুসুৰীয়া গীত পৰিৱেশন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনতে বৰ্তমান ৰঙালী বিহু উদযাপন। মুল ৰূপৰ পৰা ৰঙালী বিহু উদযাপন এনেদৰে আঁতৰি আহিছে যদিও জনগোষ্ঠীয় সমন্বয় স্থাপনত এতিয়াও ই পূৰ্বৰ দৰেই ভুমিকা পালন কৰি আছে। ভিন্ন জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্মৰ লোক আগবাঢ়ি আহি ৰঙালী বিহু উদযাপন সমিতি গঠন কৰিছে আৰু মঞ্চ বিহু অনুষ্ঠিত কৰিছে। বিহু মঞ্চত ভিন্ন জনজাতিৰ গীত, নৃত্য আদি পৰিৱেশন কৰা হৈছে; যি সাংস্কৃতিক আদান-প্ৰদানৰ জৰিয়তে সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছে। ৰঙালী বিহু উদযাপনৰ এতিয়া যথেষ্ট ব্যবসায়িকৰণ হৈছে। মঞ্চ বিহু উদযাপনত বহুজাতিক কোম্পানী, পুঁজিবাদী ব্যৱসায়িক গোষ্ঠী জড়িত হোৱাৰ লগে লগে বিহু উদযাপনত ভোগবাদী বিচাৰ ধাৰাৰ প্ৰাধান্য বৃদ্ধি পাইছে। মঞ্চ বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সুৰাৰ ব্যাপক প্রচলনে ভোগবাদৰ বিস্তাৰৰে প্ৰমাণ দাঙি ধৰিছে। সুৰাপায়ীৰ উপদ্ৰৱে বিহুৰ পৱিত্ৰতা নষ্ট কৰিছে। এনে ঋণাত্মক পৰিৱেশৰ মাজতো ৰঙালী বিহুৰ সমন্বয়ৰ উৎসৱৰ পৰিচয়টো অক্ষুণ্ণ আছে; কাৰণ জাতি-ধর্ম-বর্ণ নির্বিশেষে অসমীয়াৰ আত্মাই আত্মাই ৰঙালী বিহুয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম গতি কৰি আহিছে। ৰঙালী বিহুৰ বিহুৰ ‘নিৰ্মাণ’ত অসমবাসী প্রায় সংখ্যক জনগোষ্ঠাৰে অৱদান আছে। গতিকে জনজাতি, বর্ণ হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকসলেও ৰঙালী বিহুক আগন্তুক যুগ-যুগান্তৰলৈ নিজৰ বুলি গণ্য কৰি যাব। এতিয়া মুল কথাটো হৈছে ৰঙালী বিহু উদযাপনৰ ব্যৱসায়িকৰণ আৰু ভোগবাদৰ বিৰুদ্ধে যুঁজ দিয়াটোহে। ৰঙালী বিহুক ব্যৱসায়ীকৰণ আৰু অপসংস্কৃতিৰ গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সচেতন লোক আগবাঢ়ি আহিব লাগিব। মঞ্চ বিহুত বিজতৰীয়া কৃষ্টি প্ৰদৰ্শনৰ প্ৰয়াসক সচেতন অসমীয়াই সৰ্বশক্তিৰে প্রতিহত কৰিব লাগিব।আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত মানুহৰ আগ বান্ধ শেষ হয়। সেইবারে তেতিয়া মানুহৰ খোৱা-বোৱাত টান হৈ পৰে। গতিকে এই বিহুক কঙালী বিহু বুলি কোৱা হয়। এই বিহুত ঘৰে ঘৰে তুলসী পুলি ৰুই গধূলি তাৰ তলত চাকি জ্বলায়, নাম গায়, ঘৰৰ চোতালৰ চাৰিওকাষে আৰু খেতি পথাৰত চাকি জ্বলায়।খেতি চপোৱাৰ ঠিক পাছতেই পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে-ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু শস্য আদি মানুহে চপায় ভড়াল ভৰায়। এই বিহু ধনী-দুখীয়া সকলোৰে ঘৰত দুবেলা দুমুঠি খাব পৰাকৈ চাউল থাকে। সেইবাবে এই বিহুত খোৱা-বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ গুৰি, চিৰা, লাৰু, নানা ধৰণৰ পিঠা-পনা, আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকর্ষণ হ’লমেজি জলোৱা। শেষত কব পাৰি যে, অসমীয়া জাতিটোক একত্ৰিত কৰি ৰখাত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে।

✒️অভিজিৎ দত্ত

Leave a Comment