অসমীয়া উপন্যাস | মই বেশ্যা নহয় ( এগৰাকী নাৰীৰ মনৰ কথা ) | assamese uponyas | assamese Novel | Axomiya uponyakh

অসমীয়া উপন্যাস | মই বেশ্যা নহয় ( এগৰাকী নাৰীৰ মনৰ কথা ) | assamese uponyas | assamese Novel | Axomiya uponyakh

   (প্ৰথম খণ্ড)

ৰাতি পুৱাৰ বৰষুণজাক আহি আছে। দুই ঘণ্টা হ’ল এতিয়াও কমা নাই বৰষুণৰ গতি। মই, মোৰ ৰুম খিৰিকিখন জপাই দিলো। বৰষুণৰ লগত বতাহো বলিছে সেই গতিকে বৰষুণবোৰ বতাহত উৰি আহি খিৰিকিৰে ৰুমৰ ভিতৰত পৰিছে। মোৰ ফোন বাজি আছে। মই ধৰা নাই। কেনেকৈ ধৰো বাৰু ফোনটো। সেই একেই কথা আজি , সন্ধিয়া আহিবা …। মোৰ মন হৈছে । টেনচন নকৰিবা এক ঘণ্টাত দুশ টকা দিম ।

      কেতিয়াবা এনেকুৱা লাগে, নাৰী হৈ ভুল কৰিলো নেকি? পুৰুষ হোৱা হেতেন ভাল আছিল । নাৰীৰ স্বাধীনতা নাই । নাৰীয়ে যদি বেয়া কৰ্ম কৰে সমাজে বিভিন্ন নামেৰে নামাকৰণ কৰে কলংকিতা বেশ্যা ইত্যাদি ইত্যাদি । সমাজে কি বুজিব নাৰীৰ এগাকীৰ মনত কিমান বেদনা লুকাই থাকে। নাৰীয়ে স্বাধীনতা বিচাৰে। কিন্তু ….।

     বেছিকৈ বাজি থকাত ফোনটো ৰিচিভ কৰিলো। 

সেইফালৰ হাঁহিৰ এটা চিনাকি মাত নম্বৰটো save নাই মোৰ মোৱইলত ।মাতটো চিনাকি যেন লাগিলেও কোনে ফোন কৰিছে ধৰিব পৰা নাই । মই একো নোকোৱা দেখি সেইফালৰ ক’লে 

— কি আজি আহিবা নে ? 

মই বিৰক্তি লগাৰ সত্তেও ক’লো 

— ক’লৈ যাম ? 

— আজি আমাৰ ঘৰলৈ আহিবা। পৰিবাৰে ঘৰত নাই। মই কোন চিনি পাইচা নে তুমি। 

— কিন্তু আপুনি কোন হয় ? মই চিনি পোৱা নাই। 

—- মোক চিনি পোৱা নাই ?

হাঁহি দিলে । হাঁহি হাঁহি ক’লে

— মই আকৌ। ধৰিব পৰা নাই নেকি? 

       মোৰ খংটো অলপ বেছি। সৰুৰে পৰা এইবোৰ দেখি আহিছো। এইবোৰৰ প্ৰতি মোৰ একেবাৰে ইচ্ছা নোহোৱা হৈছে। কিন্তু কি কৰিম পেটৰ তাড়নাত কৰিবলৈ অবাধ্য হ’লেও যেন কোনো উপায় নাই। কাম বিচাৰি গ’লেও মানুহে কাম নিদিয়ে। এইবোৰ নকৰিলে কেনেকৈ জীয়াই থাকিম।

মই খংৰে ক’লো —-

— কোন হয় আপুনি মই…. আপোনাক চিনি পোৱা নাই বুলিছো আৰু আপুনি কি লেহেমীয়াই আছে ।

মোৰ খং উঠা দেখি সেইফালৰ পৰা গহীনাই ক’লে 

—- তুমি মোক সচাঁকৈ চিনি পোৱা নাই । 

— এবাৰ ক’লে বুজি নাপায় নেকি ?

— মই , ৰাজিব চলিহা। 

— ওহোঁ আপুনিহে । ইমান সময় কিয় কোৱা নাছিল। বাৰু কেতিয়া যাম ? 

— সন্ধিয়া আহিবা ? 

— ঠিক আছে । 

মই ফোনটো কাটি দিলো ।

মোৰ হাঁহি উঠিল। এজনী ছোৱালী আৰু নিজৰ ঘণীয়েক থকা সত্তেও মোৰ নিচিনা নাৰীৰ সান্নিধ্য বিচাৰে । সমাজে এইবোৰ মানুহক দোষ নিদিয়ে। দোষ দিব আমাক , অসহায় হৈ থকা নাৰী কেইজনক । সমাজত নাম আছে সিহঁতৰ সেইবাবে সিহঁতৰ গাত দাগ নাই । আমি দুখীয়া , নাম নাই , আমাক চিনি নাপাই সেই গতিকে আমি বেশ্যা কলংকিতা । নিজকে নিজে হাঁহি উঠে সমাজৰ এই স্বৰূপ দেখি । 

       চাও বাৰু..! এদিন মই বুজাই দিম যে নাৰী কলংকিতা হ’লেও বেশ্যা নহয় । সমাজে যিমান নকলেও এগৰাকী নাৰীয়ে বেশ্যা হ’ব কেতিয়াও নিবিচাৰে । মইয়ো নিবিচাৰো কেতিয়াও । 

      মোৰ ভাৱৰ যবনিকা পৰিল । বাহিৰত হুলুস্থুল , মই খিৰিকি খনৰে চালো এজনী সৰু ছোৱালী বৰষুণত তিতি-বুৰি কান্দি আছে ফুটপাঠৰ ওপৰত । কিন্তু কি হৈছে ছোৱালীজনীৰ । মই কিছুসময় ছোৱালীজনীৰ ফালে চাই থাকিলো। এজন মানুহে ছোৱালীজনীক নিবলৈ চেষ্টা কৰি আছে কিন্তু ছোৱালীজনী যোৱা নাই । মোৰ ছোৱালীজনীক দেখি বহুত বেয়া লাগিল ।। ছোৱালীক মই মোৰ ঘৰলৈ আনো বুলি গেটৰ সন্মুখ পালো। আৰু দেখিলো ছোৱালী তাত নাই । মানুহজনে লৈ গ’ল হ’বলা । মই ৰাস্তাৰ চাৰিওফালে চালো কিন্তু কোন ফালে গ’ল নেদেখিলো ।

        এয়াই জীৱন । জীৱনৰ সংজ্ঞা । কোনে পিনে গতি কৰে ধৰিব পৰা টান। বাৰু বৰষুণ কমিছে যেতিয়া মই দুপৰীয়া ভাত খিনি বানাও । তাৰপাছত সন্ধিয়াটো কাৰোৱাৰ জীৱনৰ লালসা পুৰাৱলৈটো যাবলৈ আছেই। মই পলম নকৰি ৰান্ধনিঘৰত সোমালো ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas |  assamese Novel | Axomiya uponyakh

                            (দুই)

      ৰাতিপুৱাৰ পৰা বৰষুণজাক অনাত পৰিবেশটো একেবাৰে সেমেকা হৈ পৰিছে। এতিয়া যদিও বৰষুণ দিয়া নাই তথাপিও যেন বৰষুণ অহাৰ জাননি দিছে ক’লা মেঘৰ হুম্ হুম্ গুমগুম গাজনিবোৰে। আজি ভাদমাহৰ শেষৰ দিন, কালিৰে পৰা শৰতৰ আগমন হ’ব॥ কাইলৈৰ পৰা এই শেৱালী জোপাও ফুলিব । এটি নতুন শৰত আহিব। নতুন শৰতে আঁকিব পৃথিৱীৰ বুকুত তাৰ মনোমোহন ছবি, ৰচিব শেৱালি আৰু শৰতৰ অজুত প্ৰেমৰ কবিতা । কিমান যে ভাল লাগিব … । মই পদুলিত ৰৈ শেৱালিজোপাৰ তলত বহি ভাবি আছো । এনেতে মোৰ ফোন বাজিল। মই হাতত থকা ফোনটো চাই …দেখিলো ৰাজিব চলিহাৰ ফোন? ৰাজিব চলিহা ! মোৰ হাঁহি উঠিল। আৰু হাঁহি হাঁহি নিজকে নিজে ক’লো 

” ৰাজিব চলিহা এজন প্ৰতিষ্ঠিত ব্যবসায় ” সমাজত নাম আছে …।

মই ফোনটো ৰিচিভ কৰিলো । সেই ফালৰ ৰাজিব চলিহাই ক’লে 

— তুমি আহাঁ … মোৰ ৰৈ ৰৈ আমনি লাগিছে। পৰিবাৰে যদি আহি পাই আৰু কৰা নহ’ব সেয়েহে তুমি সোনকালে আহাঁ। 

ৰাজিব চলিহাৰ কথা শুনি মই নেহাঁহি থাকিব নোৱাৰিলো । ইমান কামনা থাকে নে এজন পুৰুষৰ । মহিলাৰো থাকে নথকা নহয় কিন্তু আজি ৰাজিব চলিহা মানুহজনৰ ইচ্ছা দেখি মই ভাবিবলৈ বাধ্য হৈছো পুৰুষৰ কামনা বেছি ….। 

মই একো নোকোৱা দেখি তেখেতে আকৌ ক’লে 

— হেল্লো তুমি শুনি আছো নে নাই ।

এইবাৰ মোৰ ওলাই থকা হাঁহিটো ৰখাই ক’লো —-

কওঁক 

— কওঁক মানে ….তুমি কেতিয়া আ‍হিবা ।

— কিয় দুপৰীয়া আপুনি দেখোন কৈছিল সন্ধিয়া আহিবা বুলি …। 

— ওহোঁ কৈছিলো …। তুমি এতিয়াই আহি যোৱা না । 

— কোনোপধ্যে যাব নোৱাৰো এতিয়া। সন্ধিয়া পৰিব বেছি সময় আপুনি ধৰ্য্য ধৰক …। 

— এতিয়াই আহা না পৰিবাৰে আহি পাবহি । 

— সেয়া আপোনাৰ মেতাৰ …। মই চাবিৰ পুতলা নহয় । কোনোৱাই যেতিয়া মাতে তেতিয়াই যাম । বেশ্যা হ’ব পাৰো আত্ম সন্মান আমাৰো আছে। 

— ঠিক আছে সন্ধিয়া আহিবা । এইখিনি কথাকে তুমি ইমান খং কৰিব লাগে নে বাৰু। 

— বাৰু এতিয়া ফোন ৰাখক। 

     মই ফোন কাটি দিলো । সচাঁকৈ আমি মানুহবোৰ বৰ বিচিত্ৰ ..। বিচিত্ৰ জগতৰ মানুহ আমি । অইন জীৱতকৈ আমাক পৃথক কৰিছে, কিয় বাৰু । মই আকাশখনৰ ফালে চালো ৰঙা সূৰুজটোৱে গৈ পশ্চিমৰ আকাশত নাইকিয়া হও হও। মই সূৰুজটোৰ ফালে কিছু সময় চাই থাকিলো । পশ্চিমৰ আকাশত যেতিয়া সূৰুজৰ ৰং হালধিয়া গুছি তাৰ ৰং ৰঙা হয় । ঠিক আমাৰ জীৱনটোও একেই । জীৱনৰ অন্তিম সময়ত আমাৰ অস্তমিত সূৰুজটোৰ দৰে..।

      বাৰু বাদ দিয়া …। সূৰুজটো অস্ত হ’ল যেতিয়া সন্ধিয়া নামিব আৰু বেছি সময় নাই ॥ মই যাওঁ নহ’লে পাছত প্ৰব্লেম হ’ব পাৰে । মই দুৱাৰত তলাটো লগাই ওলাই আহিলো …। জীৱনৰ যুদ্ধখনত । 

        গুৱাহাটি মহানগৰী যান্ত্ৰিকতাৰ পৃথিৱীত যেন এখন মায়ানগৰীৰ । এই মহানগৰ যেন ব্যস্ততাৰ দলাল । সকলোৱে যেন নিজক লৈ ব্যস্ত ।

যোৱা মানুহ গৈ আছে অহা মানুহ আহি আছে কাৰোৱে ৰৈ থাকিব সময় নাই ।

 মই ফোন কৰিলো …

সেইফালৰ পৰা মহিলাৰ শুনা পালো হয়তো চলিহাৰ পৰিবাৰ আহি পালে । মই ৰং নম্বৰ বুলি কৈ ফোনটো কাটি দিলো। আজি ভাল টকা পালো হয় অজিত চলিহাৰ পৰা কিন্তু এতিয়া দেখোন পৰিবাৰে আহি পালে । নাই মোৰ বন্দবস্ত অথলে যাব দিব নোৱাৰো। মই যাব লাগিব।

ভৰলুৰ সন্মুখত থকা শংকৰদেৱ পাৰ্কৰ সন্মুখত ৰৈ আছো । চিটি বাছ অহা নাই । অট্টালিকাবোৰ লাইটৰ পোহৰত তিৰবিৰ কৰিব ধৰিছে। ৰাজিব চলিহাৰ ঘৰ ফাঁচি বজাৰত। 

মই থাকো ভৰলুত। ইয়াত থাকিব বেছিদিন হোৱা নাই । আজি দুমাহ হ’ল। ইয়াৰ আগতে জালুকবাৰীত আছিলো তাত ব্যবসায়টো ইমান এটা ভাল নহয়। তাতে মালিকৰ যিহে শাসন । অলপ ৰাতি হ’লেই নানা প্ৰশ্ন । ইফালে মেডিকেলত টো যাব লাগে…।

এতিয়া ইয়াত মালিক নাথাকে । ৰুম দুটা। ভাড়া অলপ বেছি কিন্তু স্বাধীনতা আছে। ৰাতি বাৰ বাজিলেও কোনেও একো নকয় । মালিকে মাহৰ শেষত আহে এদিন আহে ভাড়া নিবলৈ। 

বাছ এখন আহিল মই বাছত উঠিলো । কণ্ডাক্টৰ জনে আহি মোক ক’লে

— বাইদেউ ক’ত যাব । 

মই হাতত থকা সৰু বেগখনৰ পৰা দহ টকীয়া নোট এখন দি ক’লো

— ফাঁচি বজাৰ ।

মোক মানুহজনে ঘুৰাই দিয়া পাছ টকা মুদ্ৰাটো বেগত থৈ …আহি থাকিলো কিছু সময় পাছত হেণ্ডিমানজনে চিঞৰিলে 

— ফেন্সি বজাৰ ফ্ৰেন্সি বজাৰ …। মই বাছৰ পৰা নামিলো আৰু ৰাস্তা পাৰ হৈ বজাৰৰ মাজে মাজে আহি থাকিলো। এটি গলিত সোমালো। 

             সন্ধিয়াৰ কথা তাতে আকৌ ফ্ৰেচি বজাৰ মানুহৰ সমাগম বহুত । কোনোৱাই কাপোৰ কিনিছে কোনোৱাই, বজাৰ কৰিছে , কোনোৱাই আকৌ এনেই ফুৰিব আহিছে। মই এটা ডাঙৰ অট্টালিকাৰ ওচৰত ৰ’লো …। এদিন আহিছিলো কিন্তু বহুত দিন আগতে। কোনটো ঘৰ আছিল পাহৰি গৈছো । মই গেটৰ সন্মুখত থাকা চাইন বোৰ্ডখন চালো । লাইটৰ পোহৰত মোৰ চকুত পৰিল ” ৰাজিব চলিহা …বিজেনেচ মেন।” মই গেটখন খুলি সোমাই গ’লো । 

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas |  assamese Novel | Axomiya uponyakh

                           (তিনি)

     মই গেটত থকা চিকিউৰিটি জনক সুধিলো —

” চাৰ আছে নে ?” 

চিকিউৰিটিজনে আছে বুলি কোৱাত আগবাঢ়িলো অট্টালিকাটোৰ মুখ্য প্ৰবেশ দ্বাৰলৈ ..। চাৰিওফালে চকু ফুৰালো । সচাঁকৈ বৃহত কৰিঅ’ড । এনেকুবা কৰিঅ’ড সাধৰণতে অসমত নাথাকে। কৰিঅ’ডটোৰ সন্মুখত এখন সৰু বাগিচা। দহ মহলীয়া অট্টালিকাটোৰ কাষ পাই মোৰ কিবা ভয় ভয় লাগিছে দেখোন । মই ভয়ে ভয়ে কলিং বেল বজালো । দুৱাৰ খুলালৈ কিছুসময় অপেক্ষা কৰিলো। কিছুসময় পিছত এজন মানুহে দুৱাৰখন খুলিলে । মানুহজনে ক’লে 

— কাক বিচাৰিছে । 

মই মানুহজনৰ ফালে চালো মানুহজনক আগৰ বাৰ অহাত দেখা নাছিলো । হয়তো নতুন কৈ আহিছে ।মানুহজনৰ বয়স ৫০ বছৰ উৰ্ধত হ’ব । মই হাঁহি এটা মাৰি ক’লো —

” চাৰ আছে নে ! ” 

মানুহজনে মোৰ ফালে চাই ক”লে 

— চাৰ নাই নহয় , অলপ অ‍গত ওলাই গ’ল। আপুনি ৰ’ব লাগিব । 

মোক মানুহজনে বাহিৰত ঠিয় হৈ থকাত ভিতৰলৈ মাতিলে —

আহক ভিতৰলৈ । 

মানুহজনৰ কথা শুনি মই ক’লো 

— নাই দিয়ক, আজি আৰু নব’হো। চাৰো নাই ।

এইফালে ৰাতি হ’ব। চাৰে আহি পোৱাত অলপ পলম হ’ব চাগৈ । 

— হ’ব যদি কিবা বিশেষ কাম থাকে বাৰ টা মান বজিব । 

— নাই দিয়ক । ইমান ৰাতি লৈ থাকিব নোৱাৰি । 

— ঠিক আছে আপুনি যদি নোৱাৰে …।

বুলি মানুহ জনে দুৱাৰখন বন্ধ কৰিলে । মই বাহিৰলৈ ওলাই গেটৰ সন্মুখ পাই চিকিউৰিটি জনক ক’লো 

— আপুনি দেখোন কৈছিল যে চাৰ ভিতৰত আছে । তাত দেখোন ক’লে চাৰ ওলাই গৈছে। 

মোৰ কথা শুনি চিকিউৰিটি জনে মোৰ চাই দুখ মনেৰে ক’লে

— মেডাম বেয়া নাপাব, মই অলপ আগতে ডিউটিত সোমাইছো । সেই কাৰনে গ’ম নাপালো । 

— ওহোঁ …। ঠিক আছে দিয়ক । 

        মই ৰাজিব চলিহাৰ ঘৰৰ পৰা ওলাই আহিলো । এনেতে মোৰ ফোন বাজিল …। মই ফোনটো চাই দেখিলো ৰাজিব চলিহাই ফোন কৰিছে। মই সময় নষ্ট নকৰি ফোনটো ধৰিলো। সেইফালৰ পৰা ক’লে ৰাজিব চলিহাৰ খং আৰু অভিমান মিহলা কণ্ঠ — 

— তুমি ক’ত আছা ? ৰুমত নাই যে ! 

মই ক’লো 

— কি? আপুনি আকৌ মোৰ ৰুমলৈ কিয় হৈছে। 

— তুমি এতিয়া ক’ত আছো? 

— মই আপোনালোকৰ গেটৰ সন্মুখত ৰৈ আছো । 

— কি ? 

— উচাপ্ খাই উঠিলে যে আপুনি । আপুনিয়েই দেখোন মাতিছিল । 

— তুমি গুছি অহা তাৰ পৰা । কপা কপা মাতেৰে ৰাজিব চলিহাই ক’লে । ৰাজিব চলিহাৰ এনেকুৱা অবস্হা দেখি মই মই নেহাঁহি থাকিব নোৱাৰিলো । কোনোমতে হাঁহিটো ৰখাই ক’লো 

— আপুনি কি মানুহ? এবাৰ ক’ব এটা কথা আৰু এবাৰ ক’ব এটা কথা । মোৰ বন্দবস্তটো দিয়ক আৰু মই যাওঁ। মোৰ কথা শুনি ৰাজিব চলিহাই সেই ফালৰ পৰা ক’লে 

— কিমান আছিল ? 

— টেন থাউজেন ।

— ঠিক আছে মই তোমাৰ একাউন্টত দি আছো । তুমি এতিয়া গুছি আহা । 

— ওকে …প্ৰথম আপুনি মোক তেন থাউজেন দিয়ক তাৰপিছত মই যাম । 

মই ফোন কাটিলো …আৰু ওচৰৰ সৰু চাহ দোকান এখন সোমালো । চাহ এটাৰ অৰ্ডাৰ দিলো ।

          জীৱনটো সচাঁকৈ এখন নাটক । এই নাটকখনত আমি সকলোৱে একো একোজন ভাওঁৰিয়া । কেতিয়াবা মনত পৰে শৈশৱৰ সোণোৱালী সেই দিনবোৰলৈ কিমান যে ভাললগা আছিল সেইদিনবোৰ। মাৰ লগত পিছে পিছে আমাৰ ক’লি ছাগলী পোৱালীজনী লৈ পথাৰলৈ গৈছিলো। সন্ধিয়া দেউতাই মোৰ বাবে লৈ অনা সেই চানা ভজাখিনি মা আৰু মই বৰ তৃপ্তিৰে খাইছিলো । গাওঁৰ ছোৱালীবোৰৰ মাজত ময়ো আছিলো এজনী ৰঙীন পখিলা । ঘুৰি ফুৰিছিলো গাওঁৰ আকাশে বতাহে । কালদিয়া নদীৰ পানীত গা-ধোৱা , লগৰবোৰৰ লগত লুকা ভাকু খেলা…. ।

    চকী খনত বহি কথাবোৰ ভাবি থাকোতে দোকানৰ কাম কৰা ল’ৰাজনে চাহ একাপ দি ক’লে 

—- বাইদেউ এয়া চাহ । 

     মই চাহৰ কাপটোত প্ৰথম সোহাটো মৰাৰ লগে লগে । মোৰ মোৱাইলটো জ্বলি উঠিল । মই মোৱাইলটো চাই দেখিলো । মোৰ একাউন্টত টেন থাউজেন সোমাইছে । গম পালো যে ৰাজিব চলিহাই দিছে। 

মই ফোন লগালো — 

সেই ফালৰ পৰা চলিহাই ক’লে 

তুমি এতিয়া তাৰ পৰা গুছি আহাঁ। 

মই ক’লো 

thank you ___! মই ফোনটো কাটি দিলো আৰু চাহৰ কাপটোত শেষ সোহাটো মাৰি ….। 

দোকানীক পইছা দি গুছি আহিলো ৰুমলৈ..।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas |  assamese Novel | Axomiya uponyakh

                           (চাৰি)

       ৰাতিপুৱা শুই উঠি দেখিলো বাহিৰত কুৱলী আবৰি পৰিছে দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিলো । নিয়ৰ ফুলে চৌদিশ সুগন্ধি ময় কৰি তুলিছে। পদুলি লৈ ওলাই আহিলো। শেৱালী জোপাৰ তলত থিয় হৈ এপাহ তল সৰা শেৱালি হাতত ল’লো. কিছু সময় চাই থাকিলো তল শৰা শেৱালি পাহৰ ফালে। শুদ্ধ বগা এই তল সৰা শেৱালি ফুলপাহে মোৰ বহু স্মৃতি ভুকীয়াই ….।

       মোৰ বয়স আঠ বছৰ । আমাৰ গাওঁত এঘৰৰ পদুলিত শেৱালি এজোপা আছিল । সেই শেৱালি জোপাই চৌদিশ সুগন্ধত বান্ধি ৰাখিছিল। আমি গাওঁৰ চম্পা মাধুৰিমা আৰু মই তিনিজনীয়ে সদায় শেৱালি ফুল বুটলিবৰ বাবে সিহঁতৰ ঘৰলৈ গৈছিলো। ফুল বুটলি থাকোতে কেতিয়াবা আমাৰ মাজত কাজিয়া হৈছিল ….॥ মই কওঁ এইখিনি মোৰ ফুল । মাধুৰীমাই কয় নহয় , এই খিনি মোৰ । চম্পায়ো কয় কেতিয়াবা যে তোমালোকে ক’লেই হ’ব নে ? এইখিনি মোৰ ফুল । এনেকৈ কেতিয়াবা কাজিয়া লাগি যায় । যেতিয়া তলত কেতিয়াবা শেৱালি ফুল নাথাকে তেতিয়া আমি তিনিওজনীয়ে … শেৱালি জোপা জোকাৰি দিও তেতিয়া বৰষুণ পৰাৰ শেৱালি ফুল সৰি পৰে । তেতিয়া আমাৰ গাত যেন আনন্দৰ জোৱাৰ নামে। অতি আনন্দত উৎফল্লিত হওঁ তিনিও জনী পখিলাই । সৰু পৰা একেলগে ডাঙৰ হোৱা তিনিজনী পখিলা এতিয়া বহু দূৰত। শৈশৱতে শেৱালি ফুল বুটলা চম্পা আৰু মাধুৰীমাই এতিয়া সংসাৰত আবদ্ধ। সিহঁতৰ এতিয়া সাংসৰিক জীৱন । মোৰ বদনামি নহয় জীৱন নহয় সিহঁতৰ। মাধুৰীমাৰ বিয়াত মোক মাতিছিল মই যোৱা নহ’ল। কিন্তু চম্পাৰ বিয়াত গৈছিলো। মাধুৰিমা আৰু মই চম্পাৰ বিয়াত বহুত ফুৰ্তি কৰিছিলো । সেই শৈশবৰ দিনবোৰ সোঁৱাৰি সেইদিনা তিনিও বহুত কান্দিছিল। আমাৰ কান্দোন দেখি মানুহে হাঁহিছিল আৰু কৈছিল 

” তিনিজনী পখিলা এতিয়া বেলেগ বেলেগ আকাশত উৰিব ” । সেই দিনাই মই উপলব্ধি কৰিছিলো নাৰীৰ জীৱন যে মায়াময় জীৱন , এখন ঘৰত জন্ম আৰু আন ঘৰত মৃত্যু । 

     মাধুৰীমা, চম্পা আৰু মই একেখন নাওঁৰে যাত্ৰী …। গাওঁৰ ভিতৰ চোকা ছোৱালীজনী ময়েই আছিলো । এদিন দুদিন কৈ আমি তিনিজনী পখিলা শৈশবৰ পৰা গাভৰু হৈছিলো । আমাক ঘৰত আগৰ দৰে ঘুৰি ফুৰা বন্ধ কৰিছিল । তেতিয়া আমি তিনিও জনী হৈ পৰিছিলো বাধ্য জগতৰ তিনিজনী বন্দি পখিলা । গাওঁৰ আকাশে বতাহে উৰি ফুৰা তিনিজনী পখিলা সময় সোতত হৈ পৰিলো বন্দি। এনেকৈ পাৰ হৈছিল সময়বোৰ । আৰু এদিন শৰতৰ এটি সুকোমল ৰাতিপুৱা …। মই ওলাই আহিছো কলেজলৈ। বাটত এজন ল’ৰাই মোক আগভেটি ধৰি হাতত এখন কাগজ দিলে । মই ল’বলৈ অমত হৈছিলো কিন্তু ল’ৰাজনে ইমান কাতৰ অনুৰোধ কৰিলে যে মই ল’বলৈ বাধ্য হৈ পৰিছিলো । কাগজখন মোৰ হাতত দি ল’ৰাজনে মোক কৈছিল ” কথাষাৰ ভাবি চাবা।” তেনেকৈ কৈ ল’ৰাজনে তাৰ পৰা গুছি গৈছিল। মই কাগজখন খুলি চোৱা নাছিলো বেগত ভৰাই কলেজলৈ আহিছিলো। কলেজ আহি মাধুৰীমাক কথাটো ক’লো । তাই তেতিয়া কাগজ বিচাৰিলে, মই পেলাই দিলো বুলি ক’লো । আৰু ৰাতি পঢ়া টেবুলত বহি কাগজখন উলিয়াই পঢ়িব ধৰিলো। 

লিখিছে যে — 

      মোৰ হিৰণ্য দত্ত! তোমাৰ গাওঁ কাষৰ গাওঁখনত মোৰ ঘৰ। তুমি মোক চিনি নোপোৱা। মই তোমাক বহুত আগৰ পৰাই চিনি পাওঁ। তোমাক কথা এটা কওঁ তোমাক মই ভালপাই পেলাইছো । মই জানো তুমি মোক বিশ্বাস নকৰা কিন্তু এয়া সত্য মই তোমাৰ প্ৰেমত পৰিছো সেয়ে আজি ক’লো তাৰ বাবে ….sorry মোক তুমি বেয়া নাপাবা । তুমি যদি মোক বেয়া নাই পোৱা তেতিয়া হ’লে তুমি কাইলৈ নৈ পাৰলৈ আহিবা ।

      মই কাগজখন পঢ়ি বহুত খং উঠিছিল । খংতে কাগজখন ফালি পেলাইছিলো কাৰন মোৰ তেতিয়া এইবিলাকৰ প্ৰতি একেবাৰে ইচ্ছা নাছিল । অনিচ্ছা সত্তেও আমাৰ কাষৰ ঘৰত শুনিব পাইছিলো কামনাৰ শব্দ মোৰ তেতিয়া অসজ্য লাগিছিল । 

     এনেতে এদিন দেউতাই কৈছিল । মাজনী তোমাৰ কাৰনে এটা বিয়াৰ প্ৰস্তাব আহিছে । বহুত ভাল ঘৰৰ …। তুমি সুখী হ’বা । মই দেউতাৰ কথাত প্ৰতিবাদ নকৰিলো …আৰু দেউতাৰ কথামতে বিয়াত বহিছিলো । কিন্তু যাৰ লগত বিয়া হৈছিলো সি নাৰী ব্যবসায় কৰে । মই তেতিয়া কথাটো গম পোৱা নাছিলো আৰু এদিন মোক গুৱাহাটিলৈ লৈ আহিছিল এখন হোটেলত নি মোক কেইজন মান পাশাণ্ডৰ হাতত গোটাই দিছিল সি হাঁহি হাঁহি সেই পাশাণ্ড কেইটাৰ পৰা টকা লৈ পলাই গৈছিল । মই অসহায় হৈ পৰিছিলো তেতিয়াৰ পৰা ফুটপাথত পাৰ কৰিছিলো । ঘৰলৈ যাব নোৱাৰো …. কেনেকৈ যাম ঘৰলৈ । কেনেকৈ কম মই ধৰ্ষিতা বুলি । গুৱাহাটি মহানগৰীৰ মই এজনী অসহায় নাৰী তেতিয়া মই ভাবিছিলো এই সমাজত চলিবলৈ টকা লাগে ।। তেতিয়াৰ আৰাম্ভ কৰিছিলো মোৰ জীৱনৰ সংগ্ৰামী যাত্ৰা । মই কিন্তু বেশ্য নহয় । আজি কিন্তু মোক সমাজে বেশ্যা বুলি কয় । নকব কিয় মই সেই ব্যবসায় কৰো । 

মোৰ ভাবৰ যবনিকা পেলালে । এটা অচিনাকী মাত। 

মোক মাতিছে 

— শুনক চোন ।

মই ঘুৰি চালো । এজন অচিনাকি মানুহ। মানুহ মানে ,ডেকা ল’ৰা। মোতকৈ ডাঙৰ হ’ব _। মই ক’লো 

— হয় কওঁক চোন । 

— নহয় , মানে ইয়াৰ ক’ৰবাত ভাড়া ঘৰ পোৱা যাব নেকি? 

মই কাষত থকা বিল্দিং ঘৰটো দেখুৱাই ক’লো 

— সেই যে দেখিছে বিল্দিংটো তাত এবাৰ খৱৰ কৰক ।

মানুহ জনে মোক thank you বুলি কৈ তাৰপৰা গুছি গ’ল ।

মই মানুহজন যোৱাৰ ফালে চাই থাকিলো॥ মনত ভাবিলো এই মানুহজনৰ কিছু ইনকাম কৰিব লাগিব ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh 

                            (পাঁচ)

        আজি চান দে। আজি বিশেষ কাম নাই কিন্তু এবাৰ বজাৰ যাব লাগিছিল কিছুমান লাগতিয়াল বস্তু আনিব । যাওঁ নে নাযাওঁ ভাবি পোৱা নাই। এইফালে আজি কোনোৱে ফোন এটাও কৰা নাই। আজিৰ দিনটো এনেই যাব যেন লাগিছে। ৰাতিপুৱাৰ পৰা এতিয়ালৈ এটা ফোনো অহা নাই। পুৱ আকাশৰ পৰা বেলি গৈ পশ্চিম আকাশ পালে। কিছুসময় পাছত সন্ধিয়া নামিব। ফোন এটা আহিলে ভাল আছিল। আজি নাহিবই চাগৈ কোনো কাষ্টকমাৰ। মই ৰুমৰ বাৰাণ্ডাত বহি ভাবি আছো…। এনেতে মোৰ হাতত থকা মোৱাইলটো ভাইব্ৰচেনত কপি উঠিল। মোৱাইলটো চাই দেখিলো অনিৰুদ্ধ দত্ত ফোন কৰিছে। মই ফোনটো ধৰিলো —- সেই ফালৰ পৰা অনিৰুদ্ধ দত্ত মানুহজনে ক’লে —

ৰাধা তই এতিয়া ক’ত আছা।  

মই ক’লো 

— ৰুমতে আছো। 

— ৰাধা আজি এজন কাষ্টকমাৰ যাব । বহুত ধনী কাষ্টকমাৰ …তোৰ ভালেখিনি ইনকাম হ’ব আজি । 

— ক’ত যাব লাগিব ।

— নাই , তই ক’ত যাব নালাগে । 

তোৰ ৰুমলৈ যাব কাষ্টকমাৰজনে ।

— ok …! কিন্তু কেতিয়া আহিব । 

—- দুই ঘন্টামান পিছত। মই তোৰ ৰুমৰ এড্ৰেচটো দিছো তেখেতক তই যিমান পাৰো সিমান সন্তুষ্ট কৰিবি ।

— হ’ব দিয়ক । আপুনি চিন্তা নকৰিব মই যিমান পাৰো সিমান সন্তুষ্ট কৰিম । কিন্তু আপোনাৰ যে ইমান দিন খৱৰে নাই ..। 

— নক’বি দেই আৰু । দিল্লী গৈছিলো। আজিহে আহিছো। আহিয়েই তোক কাষ্টকমাৰ এজন গোটাই দিলো। 

— হয় দিয়ক .। .আপুনি বহুত ব্যস্ত থাকে। 

— নক’বি আৰু বহুত কাম । হ’ব দে আজি আৰু কথা নাপাতো মোৰ কাম আছে।

— হ’ব দিয়ক। 

— আৰু শুন ….।

— কওঁক ।

— তই অলপ ভালকৈ সাজি-কাজি থাকিবি নতুন কাষ্টকমাৰ জনে যাতে তোক দেখিলে একেবাৰে ফিডা হৈ যায়। 

— হ’ব দিয়ক । পাৰিলে আপুনি এদিন আহিব আপোনাৰ লগত কথা আছে। 

— হ’ব দে মই যাম বাৰু ..। এতিয়া ৰাখো মোৰ কাম অ‍াছে।

— হ’ব দিয়ক । ৰাখক…।

তেখেতে ফোনটো কাটি দিলে।

       মই যেতিয়া এটকাৰ বাবে ফুটপাথত ভিক্ষা খুজিছিলো। যেতিয়া মোক মানুহবোৰে কৈছিল ” ভিক্ষা লাগে চাঁ চোন ভিক্ষাৰী জাত ক’ৰবাৰ । যেতিয়া চাৰিওফালে মোক নিসঙ্গতাই আবৰি ধৰিছিল , অকলে অকলে ফুটপাথৰ ওপৰতে বহি পাৰ কৰিছিলো …নিশব্দ নিশাবোৰ , জীৱন সংগ্ৰামৰ কথা পাহৰি পেলাইছিলো। তেতিয়া মোক অনিৰুদ্ধ দত্ত নামৰ মানুহজনে তেওঁৰ ঘৰ লৈ গৈছিল …। আৰু মোক এখন বেলেগ জগতত বিচৰণ কৰিব দিছিল । প্ৰথম অবস্থাত মই মত দিয়া নাছিলো যেতিয়া তেওঁ বাৰে বাৰে সেই একেটা কথাকে মোক কৈছিল তেতিয়া মই তেওঁৰ সৈতে একমত হৈছিলো আৰু তেতিয়াৰ পৰা চলাই গৈছিলো মোৰ জীৱনৰ সংগ্ৰামী যাত্ৰা । মোৰ ভাব হৈছিল তেতিয়া এই পৃথিৱীখন টকাৰ ডলাল টকাৰ বাহিৰে এই পৃথিৱীত একো নাই । আজিৰ পৃথিৱী টকাৰ দ্বাৰাই ঘুৰে । মোৰ দৰে হেজাৰ হেজাৰ নাৰী অসহায় হৈ মৃত্যু হৈছে কাৰণ সিহঁতৰ টকা নাই । এটা টকাৰ বাবে কোনোৱে কাৰবাৰ বিক্ৰী কৰিছে, কোনোৱে কাৰবাৰক মাৰ্ডাৰ কৰিছে। আৰু মই কি কৰিছো …। কিন্তু মোৰ দৃষ্টিত মই বেয়া কাম কৰা নাই । মই কেৱল সমাজৰ মুখা পিন্ধা ভদ্ৰলোক কেইজনৰ পৰাহে মোৰ শৰীৰৰে কিছু ক’লা টকা উলিয়াইছো। মই ওচৰত থকা পাহাৰখনৰ ফালে চাই চাই ভাবি আছো কথাবোৰ । এনেতে মোৰ ফোনটো আকৌ বাজিল । মই ৰিচিভ কৰিলো — 

 সেই ফালৰ পৰা ক’লে — 

মিছ . ৰাধা হাজৰিকা …।।

—- হয় কওঁকচোন । 

— মই বাগ্নিবৰ অনাথ আশ্ৰমৰ পৰা কৈছিলো …।

—- হয় কওঁক চোন । 

— আজি ইয়াত এজনী সৰু ছোৱালী আহিছে। তাই আপোনাৰ কথা কৈ আছে। 

— কি ? মোৰ কথা কৈছে।? 

— নহয় মানে আপুনি হেনো এখন বৃদ্ধাশ্ৰমত। আৰ্থিক সাহায্য আগবঢ়াইছিল । 

— হয় কৰিছিলো ।

— আপুনি এইখন অনাথ আশ্ৰমক অলপ আগবাঢ়ি যাবলৈ সহায় কৰিবনে । 

— নিশ্চয় কৰিম …আপোনালোকৰ অনাথ আশ্ৰমখন ক’ত । 

— চান্দমাৰিত । অহা মাহৰ পোন্ধৰ তাৰিখে আমি এইখনৰ শুভৰম্ভ কৰিম। গতিকে আপোনাৰ সহায় সহযোগীতা কামনা কৰিলো ।

— নিশ্চয় …মই যাবলৈ চেষ্টা কৰিম । ভাললাগিল আপোনালোকৰ এই মহঁত উদ্দেশ্য দেখি । এতিয়া ৰাখিছো দিয়ক। 

         মই ফোনটো কাটি দিলো । তাৰপিছত ভাবিলো যদি অনিৰুদ্ধ দত্তই কোৱা মতে সচাঁকৈ কাষ্টকমাৰ জন ধনী হয় তেতিয়া যেনেকৈ নহলেও তেওঁৰ পৰা কমেও লাখ টকা ল’ব লাগিব । মই নিজক অলপ ধুনীয়াকৈ সজাওঁ। মই ৰুমৰ ভিতৰত সোমালো । আৰু দুৱাৰ খন বন্ধ কৰি দিলো ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                           (ছয়)

       যোৱা কালি ৰাতি তেনেকৈ পৰি থাকিলো। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাই গম পালো যে যোৱাকালি মোক আকৌ কোনোৱাই ধৰ্ষণ কৰিলে। মই উকা গাৰে বিচনাত পৰি আছো। মোৰ এনেকুবা অবস্থা দেখি নিজৰ ওপৰতে খং উঠিল । মই বিচনাৰ পৰা নামি চোলাটো পিন্ধি লাহে লাহে ভি.আই.পি বাকচটোৰ কাষলৈ আহিলো …। ৰাতি মানুহজনে যিমান টকা দেখুৱাইছিল সেইখিনি টকা বাকচটোত নাই। মই টকাখিনি হিচাপ কৰি চালো ….। দুই লাখ টকা আছে। বাকি এক লাখ টকা মানুহজনে নিলে হ’বলা। মই টকাখিনি বাকচটোৰ পৰা উলিয়াই । আলমাৰিত থলো। আৰু ভি.আই.পি বাকচটো ডাষ্টবিনত পেলাই দিলো। তাৰপিছত মোৰ যোৱাকালি ৰাতি ধৰ্ষণ কৰা দেহটোক পানীৰে স্নান কৰি পবিত্ৰ কৰিলো…। বাথৰুমৰ পৰা ওলাই আহি দাপোণৰ সন্মুখত বহি নিজকে চালো …। মই আগতকৈ বেছি ধুনীয়া হৈ আহিছো যেন লাগিছে। সৰুতে পঢ়িছিলো সংস্কৃতত ” মা চলু ধন জন যৌৱনং গৰ্বম ….।

 ধন জন আৰু যৌৱনক লৈ গৰ্ব নকৰিব । 

আজি কিয় জানো মোৰ শৰীৰ দেখি নিজৰে গৌৰব উপজিছে ..সকলোৱে যেন মোৰ শৰীৰৰ মৌ পান কৰিব বিচাৰে । মই কিন্তু সকলোকে নিদিওঁ। 

      চুলিখিনি ফনীৰে ফহীয়াই…. আধুনিক জগতৰ সুগন্ধ অলপ বডিচপ্ৰে গাত মাৰি টি চাৰ্ট এটি পিন্ধিলো ..। 

         মোৰ মোৱাইলটো বাজিল। মই চাই দেখিলো …GMC ৰ পৰা ফোন কৰিছে । মই ফোনটো ৰিচিভ কৰিলো…।

সেইফালৰ পৰা ক’লে

— বাইদেউ আপুনি কি কৰিলে? অপাৰেচ কৰিম বুলি কৈ নকৰিলে যে।

নম্বৰটো save আছে যদিও মেডিকেলৰ নম্বৰ হয় সেই গতিকে কোনে কৰিছে মই ভালকৈ ধৰিব পৰা নাই …মই ক’লো 

— আপুনি ডাক্তৰ . বৰুৱা নেকি ? 

— নহয় । মই হে বাইদেউ …অজয় ।

— অ’ অজয় কোৱা ?? চাৰে কিবা কৈ নেকি ? তোমাক ।

— হয় বাইদেউ এটা bad news আছে।

— কি bad news অজয়।

— আপুনি যে ল’ৰা এজনক আনিছিল…। 

— কি হ’ল ল’ৰাজনৰ ….হেল্লো অজয় তুমি কিয় একো নোকোৱা।

.মোৰ উশাহবোৰ যেন চুটি হৈ আহিছে এই মাত্ৰ গা ধুই অহা গাটোত বিন্দু বিন্দু গাম ওলাইছে। মোৰ কান্দি দিব মন গৈছে। মোৰ মুখৰ মাতবোৰ কপি কপি ওলাইছে ..। সেইফালে অজয়ে কান্দিছে। সিয়ো একো ক’ব নোৱাৰা হৈ পৰিছে।

সি কপা কপা মাতেৰে মোক ক’লে 

—বাইদেউ আপুনি চাৰৰ লগত কথা পাতক । 

সেইফালৰ পৰা ডাক্তৰ পি চি বৰুৱাই ক’লে

— ৰাধা তোমাৰ বহুত পলম হৈ গ’ল। মই তোমাক অপাৰেচন কৰাৰ শেষ সময় দিছিলো ১২ তাৰিখ আজি ২৫ তাৰিখ পালে ।

— চাৰ sorry! আপুনি কোৱা মতে মই পইচা গোটাইছো …। আপুনি আজিয়েই অপাৰেচন কৰক। 

— sorry ৰাধা তুমি মোক বেয়া নাপাবা ..। ল’ৰাজনে মৃত্যুৰ সৈতে যুদ্ধ কৰি কৰি হাৰি গ’ল । কিমান আৰু যুদ্ধ কৰিব। 

— মানে চাৰ কি কৈ আছে আপুনি এইবোৰ , মই একো বুজিব পৰা নাই। 

— তুমি এতিয়া এবাৰ মেডিকেটত আহা মই তোমাক সকলোবোৰ কথা বুজাই কম।

— চাৰ টকাখিনি আজি লাগিবনে । 

— নাই আজি টকা নালাগে তুমি কেৱল মানুহজনী আহাঁ । এতিয়া মই ফোন ৰাখিছো বেলেগ প্ৰেছেন্ট আছে চাব। তুমি আহা মই মেডিকেলতে আছো। 

তেখেতে ফোনটো কাটি দিলে ।

ডাক্তৰ বৰুৱাই কি কৈছে এইবোৰ। ল’ৰাজনে মৃত্যুৰ লগত যুঁজি যুঁজি হাৰি গ’ল …কিন্তু এয়া সম্ভৱ জানো? ল’ৰাজনক যেতিয়া মেডিকেলত ভৰ্তি কৰিছিলো …।.ল’ৰাজনে তেতিয়া কান্দি কান্দি মোক সুধিছিল —

— বাইদেউ মোৰ কি হৈছে? মই বহুত দিন জীয়াই থাকিব বিচাৰো আৰু ডাঙৰ হৈ ডাক্তৰ হ’ব বিচাৰো …কিন্তু বাইদেউ মোক দেখোন আপোনালোকে মেডিকেলত আনিছে কিয় বাইদেউ। 

ল’ৰাজনৰ কথা শুনি মোৰ দুচকুৰে চকুলো ওলাইছিল। আৰু আজি কি কথা কৈছে? ডাক্তৰে কোৱা মতে ল’ৰাজনে ভাল ন’হব নেকি ? নাই মই এতিয়াই মেডিকেলত যাম আৰু কথাখিনি ভালকৈ জানিব লাগিব আচলতে ল’ৰাজনৰ কি হৈছে? 

মই সময় নষ্ট নকৰি চুৰিদাৰ যোৰ পিন্ধি ওলাই আহিলো বাছ ষ্টপেজলৈ । আৰু ভাঙাগড় যোৱা চিটি বাছ এখনত উঠিলো।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas |  assamese Novel | Axomiya uponyakh

                            ( সাত )

তৰ্জাৰ বেৰৰ ফাকেৰে ৰাতিপুৱাৰ হেঙুলীয়া সূৰুজৰ পোহৰ মোৰ দুচকুত পৰাত টোপনিৰ পৰা সাৰ পালো …। সাৰ পাই দেখিলো । এটা অচিনাকি কোঠালি, দুই এখন ৰং বিৰং ফোটো । মই বিচনাখনৰ পৰা উঠিবলৈ চেষ্টা কৰিলো। কিন্তু মোৰ বহুত দুৰ্বল লাগিছে। যোৱাকালি ৰাতি কি হৈছিল ? মোৰ একো মনত পৰা নাই । আৰু ইয়াত কেনেকৈ আহিলো। মই মনত পেলাবলৈ চেষ্টা কৰিছো । আৰে মোৰ গাটো দেখোন বি-বস্ত্ৰ । ওহোঁ কালি মানে মই আকৌ ধৰ্ষিতা হ’লো। 

        মই কাপোৰযোৰ পিন্ধি। পইচা খিনি হাতত লৈ ওলাই আহিলো …কোঠালিটোৰ পৰা । হোটেল এখনত সোমাই চাহ পানী কিবা অলপ খাই। আগৰ দৰে নৰ্মেল হ’বলৈ চেষ্টা কৰিলো । আৰু টকাখিনি উলিয়াই কিমান আছে হিচাপ কৰি চালো । মুঠ ৫০ হাজাৰ টকা আছে মই গোটেই ৰাতিটোৰ কাৰনে বিচাৰিছিলো ৩০ হাজাৰ কিন্তু ২০ হাজাৰ বেছিকৈ দিছে। এনেকুবা মানুহৰ স্বৰূপ দেখি মোৰ কেতিয়াবা হাঁহি উঠে আৰু কেতিয়াবা ভিখম খং উঠে। মই হোটেলৰ পৰা ওলাই আহিলো ওলাই অহা মাত্ৰকে শুনিব পালো পিছফালৰ পৰা। এজন সৰু ল’ৰাই মোক ক’লে 

— বাইদেউ মই একো এটা খোৱা নাই মোক কিবা এটা খাব দিয়ক বাইদেউ । 

ল’ৰাজনৰ কথাখিনি শুনি মোৰ বেয়া লাগিল। আৰু তাক এখন দোকানত লৈ গ’লো আৰু তাৰ ইচ্ছা অনুযায়ী যি মন যায় তাকে খাব দিলো। তাৰ ঘৰ ক’ত সুধাত সি মোক ক’লে 

— বাইদেউ মোৰ ঘৰ নাই নহয় । 

তাক মৰমেৰে বুকুৰ মাজত অনা মাত্ৰকে গ”ম পালো তাৰ গাটো বহুত গৰম হৈছে । মই তেতিয়া তাক ডাক্তৰৰ তাত লৈ গ’লো । ডাক্তৰে চাই পৰীক্ষা কৰিলে — পৰীক্ষা কৰি চাই ক’লে —

 অপাৰেচন কৰিব লাগিব । আৰু অপাৰেচনটোৰ বাবে আমাক একলাখ টকা লাগিব। বিশ দিনৰ ভিতৰত আপুনি অপাৰেচন কৰিব লাগিব নহ’লে আমি একো কৰিব নোৱাৰিম। 

মোৰ বহুত টেনচন হ’ল — হাতত আছে বিশ দিন আৰু এক লাখ টকা ক’ৰ পাওঁ ইমানবোৰ টকা….। ল’ৰাজনক বচাব লাগিব । মই অলপ ব্যবসায়ী টো বেছিকৈ কৰিব লাগিব। সমাজৰ কথা ভবিলে নহ’ব যদি সমাজৰ কথা ভাবো এজন আমৰ দেশৰ মানব সম্পদ হেৰাব লাগিব ।

বাইদেউ আপুনি ক’ত যাব । কণ্ডাক্টৰজনৰ মাতত হে মোৰ চেতনা ঘুৰি আহিল …

মই বেগৰ বিশ টকা এটা উলিয়াই দি ক’লো 

— ভাঙাগড় ।

— বাইদেউ আৰু পাছ টকা লাগিব । 

— মোৰ তাত খুচুৰা নাই ।

— হ’ব দিয়ক বাইদেউ, নালাগে।

বুলি কৈ মানুহজনে আন এজনক ভাড়া খুজিলে । কিছুমান চিটি বাছত এটকাৰ বাবে কাজিয়া লাগে আৰু কিছুমানত খুচুৰা নাই বুলি মানি লয় । মই বাহিৰৰ ফালে চালো ৰ’দো নাই বৰষুণো নাই সুন্দৰ ফৰকাল বতৰ । অট্টালিকাবোৰ গাড়ীৰ বিপৰীত দিশে দৌৰি আছে । এনেতে মোৰ মোৱাইল বাজিল । এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিছে । মই ফোন নধৰিলো এনেই কিবা চিন্তাত আছো তাতে আকৌ আমনি কৰিব আহিছে। মই ফোনটো চুইচ অফ কৰি দিলো । কিছুসময় পোন হৈ বহিলো। কিছুসময় পিছত হেন্দিমানজনে চিঞৰিলে ভাঙাগড় ভঙাগড় বুলি ….। মই বাছৰ পৰা নামিলো আৰু সোমাই গ’লো GMC ৰ ভিতৰলৈ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                              ( আঠ )

— চাৰ সোমাব পাৰো নে ? 

মই ডাক্তৰ পি.চি বৰুৱাৰ ৰুম পাই দুৱাৰত ন’ক কৰি সুধিলো। ডাক্তৰ পি.চি.বৰুৱা এজন বহুত ভাল মানুহ তেখেত ব্ৰেইনৰ ডাক্তৰ। মোক প্ৰথম লগ পোৱাৰ দিনাখনেই মোক যিদৰে বুজাই দিছিল , সচাঁকৈ মানুহজন বহুত সাদৰৰ । মই দুৱাৰডলিত থিয় হৈ থকাত তেখেতে ক’লে 

— ও ৰাধা আহিলা। আহা আকৌ ভিতৰলৈ সোমাই আহাঁ । 

— ল’ৰাজনৰ কি হ’ল চাৰ। কি ভাল নহয় নেকি ? ক’ত আছে এতিয়া ল’ৰাজন।

মোৰ দুচকুৰে চুকুলো ওলাই আহিছে …। মই কান্দিছো। মই কান্দি কান্দি তেখেতক ক’লো 

— চাৰ আপুনি দেখোন একো নকয় কিয় চাৰ কিয় ? কিয়?

ডাক্তৰ পি.চি বৰুৱাই তেখেতৰ টেবুলত থকা। পানী বটলটো মোৰ হাতত দি ক’লে —

— ৰাধা! হুম লোৱা ..। পানী অলপ খাই লোৱা ! আচলতে কি জানা ৰাধা, আমাৰ এই জীৱনটো কচু পাতৰ পানী এই আছে এই নাই । ভগবানে আমাক পৃথিৱীলৈ পঠিয়াইছে …তাত কাৰবাক অলপ বেছি সময়ৰ বাবে পঠাই আৰু কাৰবাক কম সময়ৰ বাবে …। এই পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়। 

— চাৰ আপুনি কি কৈ আছে এইবিলাক , মই হ’লে একো বুজা নাই।

— ৰবা মই বুজাই আছো , চোৱা ৰাধা আমাৰ শৰীৰটো তেজ মংহৰে গঠিত। আমাৰ এই তেজ মংহৰ শৰীটোক কোনে ? নিয়ন্ত্ৰণ কৰে মগজুৱে বা ব্ৰেইনে নহয় জানো। যেতিয়া ব্ৰেইন বা মগজু এজন মানুহৰ স্তব্ধ হৈ পৰে তেতিয়া মানুহজনৰ সকলো অংগ বিফল হয় । ঠিক ল’ৰাজনৰ ক্ষেত্ৰটো তেনেকুৱাই হ’ল। ডাক্তৰৰ ভাষাত ইয়াক ব্ৰেইন স্তক বোলে।

তেখেতৰ কথাখিনি শুনি মোৰ বিৰক্তি লাগিছে কি যে কথাবোৰ কৈ আছে । এইবাৰ মই সুধিলো —

— চাৰ আপুনি কি কৈছে । মোক ভালদৰে বুজাই দিয়ক ল’ৰাজন ভাল হ’বনে ?

— ৰাধা তাকেইতো কৈ আছো তোমাক । তেওঁ আৰু এই পৃথিৱীত নাই ।

— কি কৈছে আপুনি ?

মই যেন একো ক’ব নোৱাৰা হৈ পৰিছো। মাথো দুচকুত বৈ আহিছে পাৰ ভাঙি চকুলোৰ নৈ এখন। তেজৰ সম্পৰ্ক নাই যদিও ল’ৰাজনে বাইদেউ বুলি মৰমত মাতা মাতষাৰে মোৰ বুকুত যেন দুখৰ ছায়া পেলাই গ’ল। মই কান্দি থকা দেখি ডাক্তৰ বৰুৱাই অজয়ক মাতি নি মোক ডেডব’ডিৰ ওচৰলৈ নিলে । এখন বগা কাপোৰ ঢাকি থোৱা এটি ডেডব’দি। মই মুখখন নোচোৱাকৈ তাৰ পৰা কান্দি কান্দি ওলাই আহিলো । মোৰ মনত ভাঙি থাকিল ল’ৰাজনে মোক কোৱা সেই বাক্য দুই শাৰী 

” বাইদেউ মই বহুত দিন জীয়াই থাকিব বিচাৰো মই ডাঙৰ হ’লে ডাক্তৰ হ’ম । 

    টকা ঘটি মই কি পালো টকাৰ মূল্য পালো জানো টকা থাকিও মই ল’ৰাজনক বচাব নোৱাৰো।

ধিক্কাৰ এনেকুৱা জীৱন । এনেকুৱা জীৱন থকাতকৈ নথকাই ভাল। কাৰন জীৱনত যদি কাৰবাক নেপাও বা পাইয়ো হেৰুৱাব লাগে তেনেকুবা জীৱন বৃথা। মোৰ পিছে পিছে অজয় দৌৰি আহিল। আৰু মোক ক’লে 

— বাইদেউ ডেডব’ডি টো সৎকাৰ কৰিবনে আপুনি।

মই একো কোৱা নাই মাথো কান্দি আছোঁ। মোক একো নোকোৱা দেখি অজয়ে পুনৰ ক’লে 

— চাৰে কৈছে। নবগ্ৰহ মন্দিৰত লৈ যাবলৈ। এতিয়া আপুনি বা কি কয়? 

মই এইবাৰ অজয়ৰ ফালে চাই কান্দি কান্দি ক’লো— অজয় মই চাব যাব নোৱাৰিম …? 

— নালাগে আপুনি যাব মই আপোনাক ৰুমত থৈ আহিম তাৰপিছত মই গৈ সৎকাৰ কৰি আহিম। 

মই অজয়ৰ কথাত হ’ব বুলি ক’লো। কিছুসময় অজয় আৰু মই দুয়ো জুপুকা লাগি বহি থাকিলো। কিছু সময় পাছত ডাক্তৰ পি.চি বৰুৱাই ওলাই আহি অজয়ক ক’লে 

— অজয় তুমি ডেডব’ডিটো নবগ্ৰহলৈ লৈ যোৱা। মই ৰাধাক ৰুমত থৈ আহিম । 

— হ’ব চাৰ ….। 

অজয়ে তাৰপৰা গুছি গ’ল। পি.চি বৰুৱাই মোক ক’লে 

— আহা ৰাধা মই তোমাক ৰুমত থৈ আহোঁ। 

তেখেতে তেনেকৈ কোৱাত মই আকৌ কান্দিলো । মই কন্দা দেখি তেখেতে মোক আকৌ ক’লে 

— ৰাধা দুখ কৰি একো লাভ নাই পৃথিৱীত আহিছো যেতিয়া এদিন যাব লাগিব …আমি কাকো যোৰ কৰি ৰাখিব নোৱাৰো। জীৱন এনেকুবাই কেতিয়াবা হাঁহি আৰু কেতিয়াবা চকুপানী ….।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                                 (ন)

     ডাক্তৰ পি.চি বৰুৱাই মোক ৰুমলৈ থব আহিল তেওঁৰ i.10 গাড়ীখনত। মই তেতিয়াও কান্দি আছো । মই কান্দি থকাত তেওঁ মোক ক’লে — 

— ৰাধা কান্দি একো লাভ নাই । যোৱা জন গ’লেই । এতিয়া থকাজন কেনেকৈ ভালে থাকিবা সেইটোহে ভাবিব লাগে …। তেওঁ গ’ল মানেই মুক্ত হ’ল। 

ডাক্তৰ পি.চি বৰুৱা এজন বৰ সহজ সৰল মানুহ। তেওঁ ডাক্তৰ যদিও ভগৱানক খুৱ বিশ্বাস কৰে, তেওঁ প্ৰতিটো কাম কৰাৰ আগতে চাগৈ এবাৰ ভগবানক স্মৰণ কৰে, নহ’লেনো ইমান ধুনীয়া জীৱনৰ সংজ্ঞা কেনেকৈ দিব পাৰে। 

       মই কান্দি থাকিয়েই এবাৰ তেওঁৰ ফালে চালো। তেওঁ অতি মনেযোগেৰে গাড়ী চলাই আছে। মই এইবাৰ পোন হৈ বহিলো। আৰু লৰাজনে কোৱা সেই দুই শাৰী বাক্য ভাবি থাকিলো। 

” বাইদেউ মই বহুত দিন জীয়াই থাকিব বিচাৰো , মই ডাঙৰ হ’লে ডাক্তৰ হ’ম । ” 

হঠাত ডাক্তৰ পি.চি বৰুৱাই ৰাস্তাৰ ওচৰত থকা সৰু চাহ দোকান এখনত গাড়ীখন ৰখালে। গাড়ীখন ৰখাই মোৰ ফালে চাই হাঁহি এটা মাৰি ক’লে — 

চাওঁ ৰাধা গাড়ীৰ পৰা নামা চোন ? 

মই আচৰিত হ’লো এখেতৰ আকৌ কি হ’ল — মই আচৰিত ধৰনে ক’লো 

— চাৰ ৰুম পোৱা নাই ।

মোৰ কথা শুনি তেওঁ হাঁহি এটা মাৰি মোক ক’লে 

— ধেত! তোমাৰ ৰুম পালো বুলি কোনে কৈছে । একাপ কফি খাই লওঁ ! 

— নাই চাৰ মোৰ এতিয়া একো খাব মন নাই। 

— ৰাধা , মই তোমাক কৈছো নহয় ? যোৱা মানুহ গ’ল গৈ তেওঁ গৈছে মুক্তি লাভ কৰিছে। এতিয়া থকাজনে মন বেয়া কৰি কোনো লাভ নাই …।

        মই একো কোৱা নাই । তেওঁ গাড়ীৰ পৰা নামিলে , মই কিন্তু গাড়ীৰ ভিতৰতে বহি আছোঁ। মোক গাড়ীৰ পৰা নানামা দেখি…তেওঁ মোক আকৌ মাতিলে ….

— ৰাধা plz ____ ! 

তেওঁৰ অনুৰোধত মই গাড়ীৰ পৰা নামিলো …। আৰু দোকানখনলৈ গ’লো …। প‍াৰি থোৱা চকী এখনত নিৰৱে বহি পৰিলো। দোকানীজনে আমাক সুধিলে — কি খাব। মই একো কোৱা নাই । ৰাস্তাৰে চলি থকা গাড়ীবোৰৰ ফালে চাই …। ডাক্তৰ পি.চি বৰুৱা দোকানীজনক ক’লে 

— দুটা কফি । 

— আৰু কিবা দিম। দোকানী ক’লে।

— নাই দিয়ক আৰু একো নালাগে। মোৰ নীৰৱ মনটো যেন ক্ষন্তকৰ বাবে সৰৱ হৈ পৰিল । মই যেন পি.চি বৰুৱাৰ সৈতে এক হ’ব মন হ’ল। 

কিছুসময় নিৰৱে থাকি তেওঁক সুধিলো —

— চাৰ আপোনাক কথা এটা সুধো। 

— নিশ্চয় । 

— চাৰ আপুনি বাৰু ভগবানক বিশ্বাস কৰে নে ?

— হয় কৰো ? মই ভগবানক বহুত বিশ্বাস কৰো…। তেওঁৰ দ্বাৰাই এই পৃথিৱী নিয়ন্ত্ৰণ । তেওঁ মানৱ জাতি ক্ৰাণ কৰ্তা । তেওঁ আছে মানেই আমি আছো। কিয় তুমি বিশ্বাস নকৰা নেকি? 

— নাই নকৰো। 

দোকানী জনে দুকাপ কফি লৈ আমাৰ টেবুলৰ ওপৰত থয়। 

— কিয় বিশ্বাস নকৰা তুমি ?

দোকানীজনে দি যোৱা কফি দুকাপৰ পৰা একাপ কফি পি.চি বৰুৱাই হাতত লৈ মোক প্ৰশ্ন কৰিলে ! 

তেওঁৰ প্ৰশ্নৰ উত্তৰত মই ক’লো —

— যদি সচাঁকৈ ভগবান আছে তেতিয়াহ’লে আমি মানুহবোৰ কিয় ইমান শান্তি খাব লাগে । 

— নহয় ৰাধা, তুমি ভুল ভাবিচা। সৎ লোকক ভগবানে কেতিয়াও শাস্তি নিদিয়ে তেওঁলোকক কেতিয়াও বিপদত নেপালাই। তাক হেজাৰ বিপদ নাহিলেও তেওঁ সহায় কৰিবই।

মই আৰু একো নক’লো। কিছুসময় মোক তেওঁ কিছু কথা কৈ গ’ল। তাৰপিছত আমি গাড়ীত উঠিলো তেওঁ গাড়ী start দিলো আৰু মই বাহিৰৰ ফালে চাই চাই নিৰৱে আহি থাকিলো। কিছু সময় পাছত ৰুম আহি পালো তেওঁ ৰুমৰ সন্মুখত গাড়ীখন ৰখালে। মই গাড়ীৰ পৰা নামিলো আৰু তেওঁক ক’লো —

— আহঁক ভিতৰলৈ । 

তেওঁ ক’লে 

— নাই দিয়া আজি নবহো আজি অলপ কাম আছে বেলেগ এদিন আহিম। তুমি ভালকৈ থাকিবা। যি হ’ল সেই সকলোবোৰ পাহৰি যোৱা … মই এতিয়া আহোঁ ।

তেওঁ গুছি গ’ল । মই ৰুমৰ পদূলিত থিয় হৈ কিছু সময় তেওঁ যোৱাৰ ফালে চাই থাকিলো ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                             ( দ’হ )

    বহুত ভোক লাগিছে। দিনৰ দিনটো একো এটা খোৱা নাই। সন্ধিয়া ওচৰত থকা দোকানখনৰ পৰা বিস্কুট কেইটামান আনি তাকে খালো। এতিয়া দেখোন আকৌ ভোক লাগিছে। ঘড়ীটোলৈ চালো। দহ বাজিছে। দোকান বন্ধ কৰা নাই এতিয়ালৈ। পিজ্জা এটাকে লৈ আহোঁ নেকি? তাকে খাই আজিৰ ৰাতিটো কটাম। ভাত বনাব মন যোৱা নাই আজি …। বাৰু পিজ্জা এটা লৈ আহো .. বুলি মই ওলাই আহিলো দোকানলৈ । দোকান আহি দেখিলো দোকানখন বন্ধ কৰিলে।

” চেহ্ আজি ভাত বনাবই লাগিব … ভাবিছিলো পিজ্জা এটা নি তাকে খাই শুই থাকিম কিন্তু দোকানখনে বন্ধ কৰিলে। ৰুমলৈ উভতি আহিলো। আকাশখনৰ ফালে চালো। ফৰকাল আকাশ, তৰাভৰা আকাশ সৌন্দৰ্য্য যেন জাকতীয়া। মোৰ তৰাবোৰ দেখি বহুত ভাল লাগে তৰবোৰে যেতিয়া জোনৰ লগত ধেমালি কৰে মই তেতিয়া যেন আনন্দত আত্মহৰা হৈ যাওঁ …। ৰাতি মহানগৰী লাইটৰ পোহৰত জিলিকনি তাতে আকৌ অকাশত তৰাৰ তিৰবিৰ..। কবি হোৱাহেতেন আজি কবিতা এটি লিখিব পাৰিলোহেতেন কিন্তু মই দেখোন কবিতাৰ ক টোকে নেজানো কবিতা লিখিম বাৰু কেনেকৈ। ৰুমৰ পদুলি পালোহি। শেৱালীজোপাৰ সুগন্ধত মোৰ ভাললাগি থকা মনটোক যেন আকৌ প্ৰসন্ন কৰি তুলিলে । এনেতে মোৰ ফোন বাজিল। ফোনৰ পৰ্দাত দেখিলো এটা অচিনাকী নম্বৰ। মই ফোন কাটি দিলো। কাটি দিয়া মাত্ৰকে আৰু ফোন কৰিলে এইবাৰ ৰিচিভ কৰি খংৰে ক’লো 

— নাৰী হ’লো বুলিয়ে ইমান বেয়া নহয়। আপোনালোকে নাৰীৰ পৰা কি বিচাৰে। সচাঁ অৰ্থত ক’বলৈ গ’লে আপোনালোক অসুৰ …। ফোন ৰাখক।

মোৰ খং দেখি সেই ফালৰ পৰা গহীনাই ক’লে ।

—- ৰাধা । ইমান খং কাৰ ওপৰত ।

মাতটো শুনি মোৰ এনেকুৱা লাগিল ডাক্তৰ পি.চি বৰুৱাৰ মাত। মই লাজে লাজে ক’লো 

— চাৰ আপুনি। 

— উম হয় চিনি যে পালা। পিছে ৰাধা ইমান খং কাৰ ওপৰত…..।

— চাৰ ! নাই মানে , এনেই ।

পি.চি বৰুৱাৰ আগত মই ধৰা পৰিলো নেকি যে মই দেহ বিক্ৰী কৰো …। মই কিছু সময় নিমাত হৈ থাকিলো মই একো নোকোৱা দেখি তেওঁ ক’লে —

— ৰাধা তোমাৰ ঘৰত কোন কোন আছে। 

এতিয়াহে মৰিলো । কেনেকৈ মই তেওঁক , যে বিবাহিতা হৈয়ো মই অবিহিতা, স্বামী থাকিও মই যে বিধৱা। কেনেকৈ কওঁ প্ৰতিদিনে একো একোজন মুখা পিন্ধা ভদ্ৰলোকবোৰৰ কামনা তৃপ্তি পুৰাও তাৰ বিনিময়ত কেইটামান টকা পাওঁ…। 

মই একো নোকোৱা দেখি তেওঁ ফোন কাটি দিলে । এইবাৰ মই নিজেই ফোন কৰিলো । তেওঁ সেইফালৰ পৰা ক’লে —

— নেটৰ্কৰ প্ৰব্লেম সেই গতিকে তোমাৰ কথাখিনি শুনি পোৱা নাছিলো।

— এতিয়া শুনিছে নে ??

— উম শুনিছো ? মই শুধিছিলো তোমাৰ ঘৰত কোন কোন আছে। 

— চাৰ মোৰ ঘৰ নাই নহয় ? ইয়াতেই জন্ম আৰু ডাঙৰ হৈছো ইয়াতেই । 

মোৰ মিছা কোৱা একেবাৰে অভ্যাস নাই । যদিও আজি কিয় মিছা ক’লো। পি.চি বৰুৱাৰ দৰে হাজাৰজন মানুহ মোৰ দেহৰ সুৱাসত মতলীয়া হৈ থাকে কিন্তু পি.চি বৰুৱাক মোৰ এই বিষয়ে ক’বলৈ কিয় ইমান ভয় কৰিছো। মই একো নোকোৱা দেখি তেওঁ ক’লে —

— ৰাধা তোমাৰ ভাগৰ লগিছে যদি শুৱা মই তোমাক আমনি নকৰো।

— চাৰ আপুনি তেনেকৈ কিয় ভাবিছে । মইটো কোৱা নাই আপুনি আমনি কৰিছে বুলি । 

— ঠিকে আছে এতিয়া তুমি শোৱা মোৰো টোপনি ধৰিছে । ৰাতিপুৱা আকৌ ডিউটি আছেই । দিয়া বাৰু good night ! 

তেওঁ ফোন কাটিলে ।

মই পদূলিৰ পৰা চোতাল পালো …। আকৌ এবাৰ আকাশখনৰ ফালে চালো …॥ তৰাবোৰ হাঁহি আছে জোনবাই জনী মেঘৰ আঁৰে আঁৰে তৰাবোৰৰ লগত ধেমালি কৰি আছে। নিয়ৰৰ সৰু সৰু ক’নাবোৰ আহি মোৰ হাতত পৰিছে । আজি হয়তো অলপ বেছিকৈ নিয়ৰ পৰিছে। এয়া হয়তো শীতৰ আগমনৰ বতৰা …। কিমান সময় হ’ল। মোৱাইলৰ পৰ্দাত ঘড়ীটো দেখি আচৰিত ১১ বাজি গ’ল। এতিয়া শুই থকা ভাল হ’ব । ভোক লাগিলেও বনাব মন যোৱা নাই গতিকে শুই থাকো। মই ৰুমত সোমালো । আৰু দুৱাৰখন বন্ধ কৰিলো। বিচনাখন পাৰি-পাটি কৰি নিদ্ৰাদেৱীৰ কোলাত টোপনি গ’লো।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                            ( এঘাৰ )

    কুঁৱলী সনা এটি চিকুণ ৰাতিপুৱা। সমগ্ৰ মহানগৰী কুঁৱলীৰ মাজত আৱদ্ধ । তথাপিও যেন মানুহবোৰে মৰ্ণিংৱাক কৰিব আহিছে। মই অলপ ওলাই আহিছো মৰ্ণিংৱাক কৰিবলৈ। ভৰলুৰ শংকৰদেৱ পাৰ্ক ভৰি পৰিছে মৰ্ণিংৱাক কৰিব অহা মানুহেৰে। মই অলপ ফুটপাথৰ ওপৰে ওপৰে এনেই খোজ কাঢ়িছো …। মহাবাহু ব্ৰহ্মপুত্ৰ বৈ আছে নিৰৱে। যিমানেই পলম হৈ আহিছে সিমানেই কুঁৱলী বাঢ়ি আছে। মই খোজ কাঢ়ি আহোতে অ‍াহোতে শুক্লেস্বৰ ঘাট পালোঁ ..। এনেতে দেখিলো অনিৰুদ্ধ দত্তক । তেখেতেও মৰ্ণিংৱাক কৰিব আহিছে। 

তেখেতেও মোক দেখিছে। তেখেত ৰাস্তাৰ সিপাৰে আৰু মই ৰাস্তাৰ ইপাৰে। তেখেতে মোক দেখি ৰাস্তা পাৰ হ’ল আৰু হাঁহি এটা মাৰি ক’লে —

— good morning ৰাধা ।

— হয় good morning.

— ৰাধা তই কেতিয়াৰ পৰা মৰ্ণিংৱাক কৰিবলৈ আহিব লʼলি।  

মই এটা এঙামুৰি দি তেখেতৰ কথাত উত্তৰ দিলো —

— আজি সোনকাল সাৰ পালোঁ সেয়েহে আহিলো । পিছে আপুনি সদায় আহে নেকি ?

— সদায় নহয় , মাজে মাজে কেতিয়াবা সময় পালে আহোঁ । যোৱা কালি ৰাতি ইমান ফোন কৰিলো তই ৰিচিভ নকৰিলি যে। 

— ওহোঁ …আপুনি ফোন কৰিছিল নেকি ? মই হ’লে একেবাৰে গ’ম পোৱা নাই । যোৱা ৰাতি অলপ সোনকাল শুলো । 

পিছে আপোনাৰ লগত অলপ কথা পাতিবলগীয়া আছিল ।

— ইয়াতেই থিয় হৈ পাতিবি নে? ব’ল সৌ কফি চপ খনতে বহো।

— উম বলক তেতিয়াহ’লে ।

গুৱাহাটিত কিছুমান কফিচপ খুব ৰাতিপুৱাই খোলে …অ‍াৰু ভৰলুমুখৰ কফিচপবোৰো তাৰ ব্যতিক্ৰম নহয়। শংকৰদেৱ পাৰ্কৰ সন্মুখত থকা কফিচপ খনলৈ আহিলো। গুৱাহাটিৰ কফিচপ সমুহত ৰাতিপুৱাৰ ভাগত ‍আৰু সন্ধিয়া ভাগত মানুহৰ সমাগম বহুত বেছি। আজি তাৰ ব্যতিক্ৰম হোৱা নাই। কুঁৱলী থকাৰ সত্বেও ইমানখিনি মানুহ। 

মোক অনিৰুদ্ধ দত্তই ক”লে 

— দেখিছনে ৰাধা । মৰ্ণিংৱাক কৰিবলৈ অহা মানুহ কিমান । 

— তাকেহে । বহিবৰে ঠাই নাই । 

— সৌৱা সেই খন চিট খালি হৈছে। ব’ল তাতে বহো। 

দুয়ো বহি ল’লো। মৃদু মৃদুকৈ এজাক মলয়া বতাহ বলি আছে। মই ব্ৰহ্মপুত্ৰৰ ফালে চাই আছোঁ। একো কোৱা নাই । অনিৰুদ্ধ দত্তই দোকানীজনক ক’লে —

” দুকাপ কফি ” 

তেখেতে এইবাৰ মোৰ ফালে চাই ক’লে —

— ক’ এতিয়া কি কথা ? 

 মই তেখেতৰ কথাত মন দিয়া নাই । মই একান্ত মনে ব্ৰহ্মপুত্ৰৰ পানীৰ সৰু সৰু ঢৌ বোৰ চাই আছোঁ। পানীৰ ওপৰত উৰি আছে এজাক প্ৰভাতি পক্ষী। মোৰ মনটো উৰা মাৰিছে নিজান দেশলৈ ..। 

অনিৰুদ্ধ দত্তই মোক গাত চুই দিয়াতহে মোৰ সম্বিত ঘূৰি আহিল । মই তেখেতক ক’লো 

— আপুনি কিবা কৈছে নেকি ?

— ওহোঁ ৰাধা তোৰ আকৌ কি হ’ল । তইয়েই দেখোন কৈছিলি যে মোৰ লগত কিবা কথা আছে । 

— ওহোঁ sorry im so really sorry । 

— একো নাই দে। ক’ কি কথা?

— মানে মই এইবাৰ ইলেকচনত উঠিম বুলি ভাবিছোঁ ।

মোৰ কথা শুনি অনিৰুদ্ধ দত্তই হাঁহি দিলে । আৰু হাঁহি হাঁহি মোক ক’লে–

— ৰাধা তই ইলেকচন খেলিবি । কিয়া বাট হে।

দোকানীজনে দুকাপ কফি আনি আমাৰ টেবুলত থʼলে।

মই কফি একাপ লৈ চুমুক এটা দি ক’লো 

— আপুনি হাঁহিলে যে । 

তেখেতে কফি কাপ হাতত লৈ মোৰ ফালে চাই ক’লে —

— ৰাধা ৰাজনীতিৰ ক্ষেত্ৰখন লেতেৰা । তই এতিয়া যি কৰি আছ তাতকৈও লেতেৰা। তই এই বিলাক ৰাজনীতিত সোমাব নালাগে । 

— কিন্তু মই জনাত ৰাজনীতি সিমান বেয়া নহয় ।

— বেয়া বুলি কোৱা নাই ।। আজি কালি ৰাজনীতি কৰিব টকা লাগে । তোমাৰ জানো ইমান টকা আছে। 

মোৰ এইবাৰ মুখৰ মাত হেৰাই গ’ল । ৰাজনীতি মানে টকাৰ খেলা। দত্তই কোৱা কথাষাৰ সচাঁ কিন্তু মই চাব বিচাৰো সমাজখনৰ প্ৰকৃত স্বৰূপ । মই একো নোকোৱা দেখি তেখেত মোক ক’লে —

— বাৰু ৰাধা তই অলপ পইচা গোটা তাৰপিছত ভাৱিবি এইবোৰ। তোৰ কফি খোৱা হ’ল নে ।

আজি এজন নতুন কাষ্টমাৰ যাব তই তেওঁৰ নম্বৰতো ল’ আৰু তোৰ সময় হ’লে নাম্বাৰটোত ফোন কৰিবি । 

— মই মʼবাইল অনা নাই ৰুমত আছে। 

— ঠিক আছে তোক মই নাম্বাৰটো মেছেজ কৰি দিম । এতিয়া ৰুমত যাবি নে । 

— উম হয় ৰুমত যাম । 

— ঠিক আছে তই ৰুমত যা মইয়ো যাওঁ অলপ ক‍াম আছে। 

তেখেতে গুছি গ’ল । এইফালে লাহে লাহে কুঁৱলীবোৰ নোহোৱা হৈ আহিছে। মই ৰুমলৈ আহি থাকিলো ….মনত আহি থাকিল অনিৰুদ্ধ দত্তই কোৱা কথাষাৰ — “ৰাজনীতি ভাল নহয় ৰাধা তই ৰাজনীতিত সোমাব নালাগে ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                              (বাৰ)

   আবেলি ৰং চেনেলৰ মেগা ধাৰাবাহিক নমামী চাই আছো। তেনেতে বাহিৰত এক হুলুস্থুল শুনিব পালো। TV টো বন্ধ কৰি বাহিৰলৈ ওলাই আহিলো। দেখিলো এজন মানুহে কথমপি ৰক্ষা পৰিল ৰেʼল-গাড়ী এখনৰ পৰা…। মই আগবাঢ়ি আহিলো ঘটনাটো কি হৈছিল জানিবৰ বাবে ওচৰৰ এগৰাকী মহিলাক সুধিলো । মহিলা গৰাকীয়ে কোৱা মতে ৰেʼল-গাড়ীখন আহি থকা সময়ত লʼৰাজনে কাণত হেডফোন লগাই ৰেʼলৰ চিৰিত বহি আছিল। ৰেʼল-গাড়ীখন পশ্চিমৰ পৰা পূৱলৈ আহি থকা সময়ত শান্তিপুৰৰ ক্ৰচিং ত থকা আৰক্ষী এজনে দেখি দৌৰি আহি ল’ৰাজনক জীৱন ৰক্ষা কৰিলে। 

        আজি কালি মানুহবোৰ যে কেৱল মʼবাইলত ব্যস্ত থাকে। ৰাস্তাত আকৌ হেডফোন লগাই বহি থাকিব লাগে নে । মই ৰুমলৈ সোমাই আহিলো। হঠাতে পিছফালৰ পৰা মাত লগালে ….ৰুমৰ কাষৰ ঘৰৰ মহিলা গৰাকীয়ে । নাম মালবিকা মৰাণ । ঘৰ তিনিচুকীয়াৰ ডুমডুমাত । গিৰিয়েকে ইয়াত চাকৰি কৰে সেইবাবে ইয়াত ভাড়াত আছে। সিহঁতৰ এজন সৰু ল’ৰা আছে । 

— ৰাধা শুনাচোন ।

— হয় বাইদেউ কওঁক। 

— মানে ৰাধা আমাৰ ল’ৰাটোক এইবাৰ স্কুলত নাম লগাই দিছো। তাতে আকৌ ইংৰাজী মাধ্যম। মই কিতাপবোৰ একো বুজি নাপাওঁ। তুমি পাৰিবা নেকি ? অলপমান দেখুৱাই দিবলৈ! 

— বাইদেউ ময়ো ইমান নাজানো কিন্তু চেষ্টা কৰিলে পাৰিম । আৰু আপুনি …। 

মই ৰৈ গ’লো। মই ৰোৱা দেখি তেখেতে ক’লে 

— কি আৰু আপুনি ।

মই কওঁ নকওঁ কৈ ক’লো —

— মানে বাইদেউ আপুনিটো জানেই মই ইয়াত কি কৰো … তথাপিও আপুনি মোক কৈছে শুনি একেবাৰে আচৰিত লাগিছে। 

— উম জানো, কিন্তু সেয়া তোমাৰ বৃত্তি হয় আৰু এয়া তোমাৰ অভিজ্ঞতা । 

— আপোনাৰ দৰে যদি প্ৰতি জন মানুহে বুজি পালে হেঁতেন আমাৰ দৰে নাৰীৰ মনবোৰ তেতিয়া আমি হৈ পৰিলোহেঁতেন সমাজৰ এটুকুৰা…। 

ঠিক আছে আপুনি ল’ৰাজনক লৈ আহিব কালিলৈ সন্ধিয়া এটা সময়ত । আৰু এটা কথা বাইদেউ আপোনালোকৰ দাদায়ে যদি কিবা খং কৰে তেতিয়া । 

— নাই নকৰে তেখেতে‌‌ নিজেই ক’লে তোমাক কথাটো ক’বলৈ। 

— ওহোঁ হয় নেকি। ঠিকে আছে দিয়ক আপুনি কালিলৈৰ পৰা সন্ধিয়া এটা সময়ত তাক লৈ আহিব। 

— হ’ব দিয়া। 

         মহিলা গৰাকীয়ে তেখেতৰ ৰুমত সোমাল । আৰু মই মোৰ ৰুমৰ পদূলিত অলপ সময় ৰ’লো। আজি মোৰ মনটো ভাল লাগিছে। এইখন মহানগৰীত মোক বুজি পোৱা প্ৰথম পৰিয়াল এটা বিচাৰি পালো। আগে পিছে মালবিকা বাইদেউৱে মোক মাতে কিন্তু…। ইমান ফ্ৰি নহয়। দেখিলে মাতে ময়ো কেতিয়াবা দেখিলে মাতো বচ এইখিনিয়েই। কিন্তু আজি তেখেতৰ ল’ৰাজনক শিকাব কৈছে। সঁচাকৈ কথাষাৰ শুনি মোৰ আজি বহুত ভাল লাগিছে। মই পদূলিৰ পৰা ৰুমৰ ভিতৰ পালো। TV দিলো। চেহ্ চিৰিয়েলখন শেষ হ’ল। মই চেনেল সলনি কৰিলোঁ। news চেনেলত দিলো দেখিলো চান্দমাৰিত অনুস্থিত বাগ্নীবৰ অনাথ আশ্ৰমৰ শুভাৰম্ভ কৰিবৰ বাবে বিশেষ প্ৰস্তুতি ॥ বিশেষ নিমন্ত্ৰিত অতিথি সমাজ কৰ্মী ৰাধা হাজৰিকা আৰু ডাক্তৰ . পি. চি বৰুৱা।

মোক কি আখ্যা দিছে? সমাজ কৰ্মী বাহ : কি কথা? এগৰাকী বেশ্যা সমাজকৰ্মী আৰু কাক মাতিছে ডাক্তৰ পি.চি.বৰুৱা। মোৰ মনটো আকৌ ভাল লাগিল। এক বুজাব নোৱাৰা অচিনাকী অনুভৱে মোৰ যেন মনৰ মাজত বিচৰণ কৰিব ধৰিলে। মʼবাইলত তাৰিখ চালো আজি ১৪ চেপ্তেম্বৰ। কালিলৈ ..।

মই অনিৰুদ্ধ দত্তক ফোন লগালো ….দত্তই ফোন নধৰিলে । মই এইবাৰ ৰাতিপুৱা দত্তই মেছেজ কৰি দিয়া ৰুপক দাস নামৰ মানুহজনক ফোন লগালো এবাৰ লগাওঁটেই ৰিচিভ কৰিলে ।

মই ক’লো 

— ৰুপক দাস হয় নে? 

সেইফালৰ পৰা ক’লে 

— হয় আপুনি কোনে কৈছে।

— মোৰ নাম ৰাধা হাজৰিকা আপুনি অনিৰুদ্ধ দত্তক চিনি পাই নে ? 

— হয় পাওঁ ।

— তেখেতে মোক নম্বৰটো দিলে ।

— ওহোঁ হয় দিয়া মই ধৰিব পাৰিছো। এতিয়া যাম নেকি? 

— কিন্তু বন্দবস্তটো আগতে কৰি লওঁ নেকি! 

— কিহৰ বন্দবস্ত ?

— ঘন্টা কিমান দিব আপুনি ?

— মই বন্দবস্ত নকৰোঁ। তোমাৰ ইচ্ছা অনুযায়ী ল’বা ।

— ঠিক আছে তেতিয়াহ’লে ন মান বজাত আহিব। ঠিকনাটো মই আপোনাক মেছেজ কৰি দি আছোঁ । 

— হ’ব দিয়া মই গৈ আছোঁ । 

       মই ফোনটো কাটি দিলো। আৰু TV চেনেলটো সলালো ভাল হিন্দী ছবি এখন লগালো। ” ছবিখনৰ নাম ” সংগ্ৰাম” ।

TV চাই থাকোতে কেতিয়া টোপনি গ’লো ধৰিব নোৱাৰিলোঁ । দুৱাৰত শব্দ হোৱাতহে সাৰ পালোঁ। মই TV টো বন্ধ কৰি দুৱাৰখন খুলিলো। এজন অচিনাকী মানুহ দুৱাৰডলিত ৰৈ আছে। মই চিনি পাইছোঁ নতুন কাষ্টমাৰ জন বুলি তথাপিও সুধিলো —

— কাক বিচাৰিছে ?

— এইটো ৰাধা হাজৰিকাৰ ঘৰ হয় নে ? 

— ওম আপুনি আহক ভিতৰলৈ । ময়েই ৰাধা হাজৰিকা। 

মানুহজনে মোৰ ফালে কিছুসময় চাই থাকিল …। ময়ো যেন তাৰ চাৱনিত সহযোগ কৰিছোঁ। মই দুৱাৰখন বন্ধ কৰি মানুহজনক ক’লো —

— আপুনি বহকচোন? 

মোক দেখি তেখেতে যেন সকলো পাহৰি গৈছে। ময়ো যিতুহে চাৱনি দিছোঁ পাহৰি নাযাব । মোক এনেকৈ চাই থকা দেখি মোৰ বিৰক্তি লাগিছে। মই ক’লো

— আপুনি অলপ বহিব নে এতিয়াই কৰিব ।

      ম‍ানুহজনে একো কোৱা নাই কেৱল মোৰ ফালে হাঁহি হাঁহি চাই আছে। মানুহজনে একো নোকোৱা দেখি মই মই কাপোৰ খুলাত লাগিলো নিমিষতে মানুহজনৰ আগত মই উকা হৈ পৰিলো …। তেখেতে আৰু ৰৈ থাকিব নোৱাৰিলে । মোৰ ওপৰত জপিয়াই পৰিল। মই আকৌ এবাৰ অনুভৱ কৰিলোঁ। পুৰুষৰ কামনাৰ নৈ খনত সাঁতুৰাৰ অনুভৱ। মোৰ দেহৰ সকলোবোৰ মৌ আকৌ এবাৰ ভোমোৰাই চুপিলে । এনেকৈ এক বাজি গ’ল । তেখেতে আৰু নোৱাৰা হ’ল। মোক ক’লে তেখেতে। 

— চাও তোমাৰ ATM number টো দিয়া মই ATM কৰি দিম টকা।

মই ATMৰ নম্বৰটো দিলোঁ। আৰু তেখেতে মোক সুধিলে 

— কিমান লাগিব ?

 মোৰ দেহাটো দুৰ্বল হৈ পৰিছে। মাতষাৰো ভালকৈ ওলোৱা নাই । তথাপিও শেহাই শেহাই ক’লো 

— এক লাখ লাগিব ।

— ঠিক আছে মই তোমাক দুই লাখ দি দিছোঁ…তুমি চাই লোৱা।

মই বিচনাৰ ওচৰৰ টেবুলখনত থকা ফোনটো চাই দেখিলোঁ…দুই লাখ টকা মোৰ একাউন্টত সোমাইছে।

মানুহজনে ক’লে

— এতিয়া যাওঁ মই । মন গ’লে কেতিয়াবা আকৌ আহিম ।   

       মানুহজনে গুছি গ’ল মই কিবাকৈ দুৱাৰখন বন্ধ কৰি তেনেকৈ বিচনাত শুই পৰিলোঁ।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                                (তেৰ)

       ৰাতিপুৱা শুই উঠি গাটো ধুই আহি দাপোণৰ সন্মুখত বহি ভাবিলো আজি চান্দমাৰিত মোক মাতিছে। তাকো বিশেষ নিমন্ত্ৰিত অতিথি আৰু লগতে পি.চি বৰুৱাকো ..। মোক যদি কিবা ক’ব দিয়ে মই কি কʼম ? মোৰ কথা শুনি যদি সকলোৱে হাঁহে তেতিয়া মই দেখোন ডাক্তৰ পি.চি বৰুৱাৰ সন্মুখত বহুত লাজ পাম। কি হ’ব তেতিয়া … হয়তো পি.চি বৰুৱাই ভাবিব , মই একোৱেই নাজানো বুলি । মই তেতিয়া তেওঁৰ লগত আৰু কথা পাতিবলৈ সাহস নহ’ব । মই কথাবোৰ ভাবি থাকোঁতে মোৰ ফোন বাজিল। চাই দেখিলোঁ পি.চি.বৰুৱাৰ ফোন ? মই ফোনটো ধৰিলো । 

সেই ফালৰ পৰা তেওঁ উৎফুল্লিত মনেৰে ক’লে —

— congratulations ৰাধা ।

মই একো কোৱা নাই । ভাবিছো তেওঁ মানে কথাটো গ’ম পাইছে। মই একো নোকোৱা দেখি তেখেতে আকৌ ক’লে 

—- ৰাধা মোৰ আজি বহুত ভাল লাগিছে । তুমি বিশেষ অতিথি হিচাপে সভা এখনত যাবা ..। 

— চাৰ আপুনি কেনেকৈ গ’ম পালে। 

— কিয় মই নহয় দেশৰ সকলোৱে গ’ম পাইছে তোমাৰ কথা। 

— কেনেকৈ চাৰ । TV ত দেখোন তোমাৰেই নাম এতিয়া। বাৰু তুমি এতিয়া ক’ত আছা ।

— ৰুমতে আছো ।

— তাত যাবা নে নাই। 

— তাকেহে ! যাওঁ বুলি ভাবিছো। 

— তুমি ওলোৱা মই জালুকবাৰীত আহিছোঁ। ইয়াৰ পৰা যাওঁতে তুমি মোৰ লগতে যাব পাৰিবা। যদি তুমি বিচাৰা।

— চাৰ আপুনি তেনেকৈ কিয় কৈছে । আপোনাৰ লগত যাব পাৰিলে মই নিজকে সৌভাগ্য বুলি ভাবিম। 

— ওম হয় নেকি ? ঠিক আছে তুমি ওলাই সাজু হৈ থাকা । 

তেওঁ ফোন কাটি দিলে। মই কিয় ক’লো তেনেকৈ আপোনাৰ লগত যাব পাৰিলে সৌভাগ্য বুলি । তেওঁ বা এতিয়া কি ভাবিব।

ভাবিব চাগৈ যে মই বেশ্যা। মইটো তেওঁৰ আগত এইবিলাকৰ বিষয়ে একো কোৱা নাই কেনেকৈ ভাবিব। মোৰ আকৌ ফোন বাজিল। চাই দেখিলো অচিনাকী এটা নম্বৰ। মই ফোনটো কাটি দিলো। আকৌ ফোন কৰিলে , মই আকৌ ফোন কাটি দিলো। এইবাৰ মই মʼবাইলটো চুইচ অফ কৰি চাৰ্জত লগাই থলো। আলমাৰিটো খুলি ভাবিলো কি কাপোৰ পিন্ধি যাওঁ। মোৰ চকুত পৰিল এযোৰ মেখেলা চাদৰ। আজি কিছুদিন আগত কিনিছিলো এই মেখেলা চাদৰ যোৰ । কিন্তু পিন্ধা নাছিলো…সেউজীয়া ৰঙৰ এই মেখেলা চাদৰ যোৰ পিন্ধিলে মোক বেয়া নালাগিব চাগে । গাত বগা আৰু ৰঙাৰে বুটা বচা আছে। আজি এইযোৰ পিন্ধো। কাপোৰ যোৰ পিন্ধি উঠি দাপোণৰ সন্মুখত নিজকে চালো । ভাল লাগিছে । যেন একেবাৰে অসমীয়া বোৱাৰী । 

     চুলিখিনি ফণিয়াই থাকোঁতে ৰুমৰ পদূলিত গাড়ীৰ মাত । হয়তো ডাক্তৰ প.চি বৰুৱাই আহি পালে। মই সোনকালে খোপাটো বান্ধি বাহিৰলৈ ওলাই আহিলো । হয় পি.চি বৰুৱাৰ গাড়ীখনেই । তেওঁ গাড়ীখন ৰখাই সোমাই আহিছে মোৰ ৰুমলৈ। হাতত এথোপা ফুল। মোৰ ফালে চাই হাঁহি এটা মাৰি ক’লে — 

: বাহ্ ৰাধা বহুত ধুনীয়া লাগিছে।

মোৰ তেওঁৰ কথাত লাজ লাগিল। আৰু লাজে লাজে ক’লো– 

: কি যে কয় আপুনি।

: হুম লোৱা। 

তেওঁ হাতত থকা ফুল থোপা মোক দিলে । আৰু অতি আনন্দৰে তেওঁৰ পৰা ফুল থোপা ল’লো। আৰু তেওঁক ভিতৰলৈ মাতিলো। তেওঁ ভিতৰলৈ সোমাই আহিল। আৰু চফা এখনত বহি ল’লে। মই ফুল থোপা বিচনাত থৈ আন এখন চফাত বহিলো। তেওঁ মোৰ ৰুমটো এটি এটি বস্তু পৰ্যাবেক্ষণ কৰি গ’ল । আৰু কিছু সময় নিৰৱে থাকি মোক ক’লে 

— ৰাধা ইয়াৰে ক’ৰবাত ভাড়াঘৰ হ’ব নেকি? ঠাইখিনি দেখোন মোৰ ভাল লাগিছে। 

মই একো কোৱা নাই । মাথো তেওঁৰ ফালে চালে চাই আছো নাজানো তেওঁক যেতিয়া কাষত পাওঁ কিয় ইমান ভাল লাগে মনতো। এইবাৰ তেওঁ মোক বেৰত ওলোমাই থোৱা অকাঁ ফটো দেখুৱাই ক’লে 

— সেই ফটোখন কোনে আঁকিছে । ইমান ধুনীয়া হৈছে।

মই কওঁ নকওঁ কৈ ক’লো 

— চাৰ মইয়েই আঁকিছো। 

তেওঁ মোৰ কথাত আচৰিত হ’ল ….। ছবিখনৰ ফালে চাই মোক ক’লে 

— তুমি ছবি আঁকিব জানা মানে। 

— হয় মন গ’লে কেতিয়াবা কেতিয়াবা আঁকো। সিমান এটা নাজানো। বাৰু চাৰ আপুনি বহকচোন । 

— ক’লৈ যোৱা তুমি চাহ পানী একো নাখাওঁ কিন্তু। ৰাতিপুৱা ভাত খাইছো …।

— চাৰ আপুনি আজি প্ৰথম আহিছে মোৰ ৰুমলৈ আপুনি যদি এনেকৈ যায় মোৰ জানো ভাল লাগিব? 

— নাই দিয়া। এতিয়াৰ পৰা প্ৰায় আহিব লাগিব তুমি অঁকা ছবি চাবলৈ। 

— চাৰ আপুনি কোৱাৰ দৰে ..মই ছবি আঁকিব নাজানো । 

— বাৰু এতিয়া যাবা নে । সেইফালে সিহঁতে আমালৈ ৰৈ আছে চাগে। ১০ বাজি গ’লেই ।

— বʼলক । কিন্তু চাৰ বেয়া লাগিল আপুনি একো এটা নাখালে। 

— নাই দিয়া পাছত কেতিয়াবা খাম । এতিয়া ব’লা।

তেওঁ গৈ গাড়ীৰ ভিতৰত বহিল। মই ৰুমত তলাটো লগাই কান্ধত ওলোমাই লোৱা বেগটো লৈ হাতত মʼবাইলটো লৈ ওলাই আহিলো ..। তেওঁ গাড়ী start দিলে। আমি চান্দমাৰি অভিমুখে আহি থাকিলো।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                             (চৌধ্য)

    চান্দমাৰি আহি পালোঁ । ব্ৰিজৰ কাষত পি.চি বৰুৱাই গাড়ীখন ৰখালে। মই গাড়ীৰ পৰা নামিলো, তেওঁ গাড়ীখন একাষৰীয়া কৰি থবলৈ গ’ল। মই চান্দমাৰিত বহুত দিন আহা নাই । আজি আহি বহুত ভাল লাগিছে। এফালেৰে যাব পাৰি নাৰেংগী বামুণীমৈদাম গুৱাহাটী কলেজ আৰু আন এফালেৰে যাব পাৰি জু-ৰোড ভাঙাগড় গণেশ গুৰি …। মোৰ চান্দমাৰিত থকা বস্তুবোৰৰ ভিতৰত ভাললগা বা চাবলগীয়া উৰণীয়া সেতুঁখনেই ( অভাৰ ব্ৰীজ ) । কিয়নো গুৱাহটিৰ ভিতৰত এইখনেই একমাত্ৰ উৰণীয়া সেতুঁ য’ত সকলো পৰ্যটকে তাৰ ওপৰত গাড়ী ৰাখাই পৰ্যাবেক্ষণ কৰিব পাৰে। আৰু এই উৰণীয়া সেতুঁৰ ওপৰৰ পৰা যে সমগ্ৰ চান্দমাৰি দেখা পাই । ইয়াক যৌৱনৰ বাৰ্তালাপৰ একমাত্ৰ মাধ্যম বুলি কোৱা হয়। কিয়নো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে তাত দেখা যায় ডেকা গাভৰুৰ হাঁহি ধেমালি । উৰণীয়া সেতুঁ খনৰ ওচৰতে এখন খেলপথাৰ তাত বিভিন্ন ধৰনৰ অনুষ্ঠান – প্ৰতিষ্ঠান হোৱাৰ লগতে উত্তৰ – পূৱৰ গ্ৰন্হ মেলা অনুস্থিত হয়। লগতে কমাৰ্চ কলেজ , বহুত ডাঙৰ ডাঙৰ উদ্যোগ এইখন চন্দমাৰিতে অবস্থিত । গুৱাহাটিৰ ভিতৰত এখন লেখত ল’বলগীয়া চহৰ চান্দমাৰি। পি.চি বৰুৱাই পাৰ্কিং প্লেছত গাড়ীখন পাৰ্কিং কৰি আহি মোক ক’লে — 

— ৰাধা কোনফালে বা ..এইফালে নে এইফালে। 

— তাকে চাৰ …..

— ৰ’বা চোন মই ফোনটো কৰি সুধি লওঁ। 

— উম সোধকচোন চাৰ।

তেখেতে ফোন লগালে । মই চাই থাকিলো গাড়ীবিলাকৰ ফালে। বাছ , ট্ৰাক, চাইকেল , বাইক সকলো বিলাক চলি আছে অবিৰাম গতিত। বাছবোৰৰ হেণ্ডিমেনৰ বিশেষ চিঞৰবোৰ আহি মোৰ কাণত পৰিছে । চান্দমাৰি চান্দমাৰি নামি লওঁক নামি লওঁক , আদাবাৰি জালুকবাৰি, পানবজাৰ, ভৰলু খালিবাছ খালিবাছ….।

    পি.চি বৰুৱাই ফোন কৰি উঠি মোক ক’লে 

— ৰাধা আহাঁ। মোৰ পিছে পিছে। 

ময়ো গৈ থাকিলো তেওঁৰ পিছে পিছে । আমি চান্দমাৰিৰ খেলপথাৰৰ কাষত থকা এটি সৰু ৰাস্তাৰে গৈ আছোঁ । কিছুদুৰ যোৱাত দেখিব পালোঁ ডাঙৰ আখৰৰে লিখা আছে বাগ্নীবৰ অনাথ আশ্ৰম । আমি আগবাঢ়ি গ’লো । পি.চি বৰুৱাই মোক ক’লে 

— দেখিছা ৰাধা । ইমান ধুনীয়াকৈ সভাখন আয়োজন কৰিছে। 

— হয় দিয়ক চাৰ । 

মোৰ দেখোন কিবা ভয় লাগিছে । কি ক’ম ভাষণত আগে পিছে ক’তো একো এটা কৈ পোৱা নাই। কি কম ভাবি পোৱা নাই দেখোন। পি.চি বৰুৱাই লগত থাকিব যদি তেখেতে নাথাকিলে হয় । মোৰ ইমান ভয় নালাগিলে হেঁতেন। কাৰন মোক ইয়াত কোনেও চিনি নাপাই ;।

        দুয়ো সোমাই গ’লো । আশ্ৰম খন সৰু তথাপিও সভাখন ডাঙৰ কৰিছে। ডাক্তৰ পি.চি বৰুৱা আৰু মই দুয়ো সমাই গ’লো। আমাক মঞ্চৰ সন্মুখত বহিব দিলে। দুয়ো বহিলো। মঞ্চৰ ওপৰত ভালেখিনি মানুহ বহি আছে। TV channel ৰ সাংবাদিক সকলে news কৰি আছে। মহিলা এগৰকীয়ে microphone ত ঘোষণা কৰিলে । 

     ” আজিৰ সভাৰ বিশেষ অতিথি ডাক্তৰ পি.চি বৰুৱা আৰু সমাজকৰ্মী ৰাধা হাজৰিকা আমাৰ

মাজত আহি পাইছে। তেখেতসকলক মই মঞ্চলৈ আদৰি অ‍নিবলৈ আজিৰ সভাৰ সম্পাদক পবন ৰয়ক অনুৰোধ কৰিলো। মই মঞ্চত থকা মানুহবোৰ চালো । হঠাৎ মোৰ চকুত পৰিল বিজেনেচ মেন অজিত চলিহাই দেখোন বহি আছে। এজন ল’ৰা নামি আহি ডাক্তৰ বৰুৱা আৰু মোক মঞ্চলৈ মাতি নিলে। মই ভয়ে ভয়ে মঞ্চলৈ উঠি গ’লো মোক দেখি অজিত চলিহাই আচৰিত ধৰণে মোৰ ফালে চালে । মই মঞ্চৰ ওপৰলৈ উঠি যোৱা লগে লগে কেমেৰা মোৰ ফালে আনিলে । মই মোৰ আসনত বহিলো। মোৰ ওচৰতে বহিল পি.চি বৰুৱা। আন ব্যক্তি সকলোকে চিনি নাপাওঁ তথাপিও মাত দিলো। লগতে অজিত চলিহাকো অচিনাকী মানুহৰ দৰে মাত লগালো। 

      এয়া সমাজৰ মুখাপিন্ধা ভদ্ৰলোক। দিনপোহৰত সমাজ কৰ্মী ৰাতি কি ? ৰাতি মোৰ দৰে বেশ্যাৰ সান্নিধ্য বিচাৰে। এয়া সমাজ ব্যবস্হা। মই বাৰু বেয়া কিন্তু ভাল সকলে কি কৰিছে …অজিত চলিহাৰ দৰে মানুহবোৰে যেন সমাজ ব্যবস্হাটো সলাই পেলাইছে । মই ভাবি থকা দেখি ডাক্তৰ বৰুৱাই ক’লে —

— ৰাধা কি চিন্তা কৰি আছা ।

— চাৰ মোৰ দেখোন কিবা ভয় ভয় লাগিছে।

— কিয় ৰাধা ?

— নহয় চাৰ মানে মই আগে পিছে ইমানখিনি মানুহৰ আগত বক্তব্য দি পোৱা নাই । সেয়ে মোৰ ভয় লাগিছে।

— ৰাধা তুমি ভয় নকৰিবা মই আছো নহয়।

       এনেতে মাইক্ৰফোন লৈ থকা মহিলা গৰাকীয়ে ক’লে 

” আজি সভাৰ বিশেষ অতিথি ডাক্তৰ পি.চি বৰুৱা আৰু ৰাধা হাজৰিকাক সম্বৰ্ধনা জনাব এই আশ্ৰমৰ জন্মদাতা মিষ্টাৰ যতীন শইকীয়া আৰু এই আশ্ৰমৰ লগত বিশেষভাৱে জড়িত থকা হিৰণ্য মালাকৰে । বৰুৱা আৰু মোক একোখন সম্বৰ্ধনা পত্ৰ আৰু এটাকৈ জাপি আৰু ডিঙিত এখন গামোচা দিলে । 

তাৰপিছত মহিলা গৰাকীয়ে মোৰ ফালে মাক্ৰফোনটো আগুৱাই দি ক’লে 

— বাইদেউ আপুনি দুষাৰ মান কওঁক।

     মহিলা গৰাকীৰ হাতৰ পৰা মাইক্ৰʼফোনটো লোৱাত মোৰ হাতখন অলপ কপিছে। মোৰ গাত বিন্দু বিন্দু ঘাম ওলাইছে। মই মাইক্ৰʼফোনটো মুখৰ সন্মুখলৈ আনি ক’বলৈ ধৰিলো যদিও কি ক’ম ভাবি পোৱা নাই। তথাপিও মই নিৰাশ হোৱা নাই । প্ৰথমে মই অনাথ শিশু সকলক উদ্দেশ্য কৰি ক’লো —-

   ” আজিৰ এই সভাত উপস্থিত থকা সকলোকে মই এটাই কথা ক’ব বিচাৰিছো । তোমালোকে নিজৰ দৃষ্টিৰে পৃথিৱীৰ সৌন্দৰ্য্য উপভোগ কৰা । যাতে , তোমালোকক কোনেও ক’ব নোৱাৰে তুমি এজন অনাথ । তোমাৰ মা দেউতা কোনো নাই । আমাৰ এখন সমাজ আছে । সেই সমাজখনত আমি বসবাস কৰোঁ। সমাজৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। কিন্তু, এনেকুৱা সমাজ আমাক নালাগে যিখন সমাজে তোমাৰ ভাল দেখিব নোৱাৰে। যিখন সমাজে তোমাক নানা কথা শুনায়। তুমি জহৰা, তুমি মাতৃহীনা, তুমি পিতৃহীনা, তোমাৰ পিতৃৰ পৰিচয় নাই । কাৰণ এটাই তুমি কাৰবাৰ অবৈধ সন্তান। 

    আমাক পৰিচয় লাগে সচাঁ। কিন্তু , সেই পৰিচয়ে যদি কাৰোবাৰ অন্তৰত আঘাত সানে তেতিয়া তাক আমি বৰ্জন কৰাই ভাল । নহ’লে সি আমাৰ বিপদ আনিব পাৰে । বৰ্তমান সমাজ ব্যৱস্থা এক কঠিন । আজিৰ সমাজে কেৱল টকা থকাজনকহে স্বীকৃতি দিয়ে। কিন্তু আজিৰ সমাজে এই কথা নাভাৱে যে সিহঁতেও কাৰোবাৰ কামনাৰ বলি হৈছে।

বাৰু তোমালোকে ইয়াত মিলা-প্ৰীতিৰে থাকিবা। এখন ঘৰৰ দৰে থাকিবা। তোমালোক হ’ল আমাৰ দেশৰ ভৱিষ্যত। তোমালোকে ৰ‍াখিব লাগিব দেশৰ গৌৰৱ। ভালকৈ পঢ়া শুনা কৰি তোমালোকে আগুৱাই যোৱা …তোমালোকলৈ থাকিল মোৰ ফালৰ পৰা হিয়াভৰা শুভকামনা। 

আৰু এটা কথা তোমালোকে যদি ইয়াত কষ্ট পোৱা মোক জনাবা মই আছোঁ তোমালোকৰ লগত। এইখিনি কৈয়েই ইমানতে মই মোৰ চমু বক্তব্য সামৰণি মাৰিলো । ধন্যবাদ ।

মোৰ কথা শেষ হʼলত জাউৰি জাউৰি হাতচাপৰি পৰিল । মঞ্চত থকা সকলেও চাপৰি মাৰিলে। মই মোৰ ঠাইত বহিলো । মোৰ ফালে চাই ডাক্তৰ পি.চি বৰুৱাই ক’লে —

ৱাহ ৰাধা বহুত ধুনীয়া ভাষণ দিলা।

মহিলা গৰাকীয়ে এইবাৰ মাইক্ৰʼফোনটো ডাক্তৰ পি.চি বৰুৱাৰ ফালে আগবঢ়াই দিলে । ডাক্তৰ বৰুৱাই ক’বলৈ আৰম্ভ কৰিলে । মোৰ মুখৰ ঘামখিনি ৰুমাল এখনৰে মচি পি.চি বৰুৱাৰ ভাষণ শুনি গ’লো 

তেখেতে কৈছে — 

” মোৰ ক’বলগীয়া সকলোখিনি কথা মিছ . হাজৰিকাই ক’লেই । তথাপিও মই এটা কথা কওঁ। আপোনালোক সকলোৱে জানে এই পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয় , সেয়েহে আমি আমাৰ অহংকাৰ ভেদ কৰিব নালাগে। যদি আমি এই পৃথিৱীত চিৰদিনৰ বাবে জীয়াই থাকিব বিচাৰোঁ তেতিয়াহ’লে আমি ভাল কৰ্ম কৰিব লাগিব। মই কথাটো এই কাৰণে ক’লো আপোনালোকে ভাবক এই কণ কণ শিশুবোৰৰ মাক দেউতাক সকলে ইয়াত এৰি থৈ গৈছে । হয়তো কাৰবাৰ বাবে এই শিশুবোৰ সমস্যা । কিন্তু সিহঁতবোৰে নাজানে যে এই শিশু এদিন হ’ব দেশৰ গৌৰৱ । মই বক্তব্য বিশেষ দীঘলীয়া নকৰোঁ । শেষত মই এই আশ্ৰমৰ সমূহ কৰ্মকৰ্তা সকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আজি যিদৰে এই পদক্ষেপ হাতত লৈছে সেয়া বৰ প্ৰশংসনীয় । এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ।

 সকলোৱে চাপৰি বজালে আৰু মইয়ো বজালো। এনেকৈ আন সকলেও অলপ অলপ বক্তব্য ৰাখিলে । তাৰপিছত সভাভংগ কৰিলে। আশ্ৰমৰ জন্মদাতা মিষ্টাৰ যতীন শইকীয়াৰ হাতত এক লাখ টকা দি গুছি আহিলো। মোক দেখি ডাক্তৰ বৰুৱায়ো দিলে এক লাখ টকা …। আমি আশ্ৰমৰ পৰা ওলাই আহিলো।

 অসমীয়া উপন্যাস | মই বেশ্যা নহয় (এগৰাকী নাৰীৰ মনৰ কথা)|assamese uponyas | assamese Novel | Axomiya uponyakh

                             (পোন্ধৰ)

    আশ্ৰমখনৰ পৰা ওলাই আহি ব্ৰিজৰ কাষ পালোঁ। পি.চি বৰুৱাই কাৰোবাৰ লগত কথা পাতি আছে। ময়ো বেগৰ পৰা মʼবাইলটো উলিয়ালো। মʼবাইলটো উলিয়াই দেখিলো দহ টা মিছকল। কল হিষ্টৰিত গৈ দেখিলো চাৰিটা অচিনাকী নম্বৰৰ পৰা ফোন আহিছে লগতে অনিৰুদ্ধ দত্তয়ো ফোন কৰিছে। মই অনিৰুদ্ধ দত্তক এবাৰ ফোন কৰিলো। মই ফোন কৰাৰ লগে লগে সেইফালে ফোন ধৰিলে আৰু ক’লে — 

— বাহ ৰাধা তই একেবাৰে ফেমাচ হৈ গ’লি দেই । 

দত্তই কথাটো কিভাৱে ক’লে মই ধৰিব পৰা নাই। তথাপিও thank you বুলি ক’লো আৰু ৰুমত গৈ প‍ালে কথা পাতিম বুলি কৈ ফোনটো কাটি দিলোঁ । এইফালে তলত গাড়ীৰ শব্দ আৰু ওপৰতো গাড়ীৰ শব্দ। 

     পি.চি বৰুৱাই তেওঁৰ ফোনটো কাটি মোক ক’লে —

ৰাধা কিবা এটা খাই লওঁ ব’লা।

— চাৰ নাখাওঁ নেকি? 

— কিয়?

— এনেই খাবলৈ মন যোৱা নাই চাৰ । 

— অহ হয় নেকি? 

— চাৰ চান্দমাৰিৰ উৰণীয়া সেঁতুখন কেনেকুৱা লাগে আ‍পোনাৰ? 

— যাবা নেকি ওপৰলৈ ?

— যাব পাৰি । 

— আহা …তেতিয়াহʼলে।

আমি চিৰিৰে গৈ ওপৰ পালোঁ। মোৰ মন আনন্দত ভৰি পৰিল। কিয়নো , এই গুৱাহাটীখনৰ ভিতৰত ভাললগা বস্তু এটা হ’ল এই উৰণীয়া সেঁতুখন। সকলোবোৰ দেখি ইয়াৰ বুকুৰ পৰা। 

      দুপৰীয়া সময় সেই কাৰণে অলপ মানুহৰ সংখ্যা কম হৈছে.. তথাপিও দুই এহাল ল’ৰা-ছোৱালী আছে। শূন্য পৰিব দিয়া নাই। 

এইবাৰ মই আকাশখনৰ ফালে চালো। ৰ’দ দিয়া নাই, আকাশ ডাৱৰীয়া হৈ আছে । মোক পি.চি.বৰুৱাই ক’লে —

— ৰাধা কথা এটা সুধোঁ ।

মই তলৰ ফালে চাই ক’লো —

— সোধক চাৰ।

— মানে কি জানা ৰাধা ….বাৰু বাদ দিয়া তুমি মোক চাৰ নক’বা।

— কিয় ? আপুনি ডাক্তৰ মানুহ চাৰ নকৈ কি ক’ম? 

— যি বুলি মাতা মাতিবা … কিন্তু চাৰ বুলি নামাতিবা ।

— তেতিয়াহ’লে মই আপোনাক কি মাতিম।

এনেতে এজন ল’ৰা আৰু এজনি ছোৱালী খোজ কাঢ়ি আহি আহি আমাৰ কাষ পালে। ছোৱালী জনীয়ে ল’ৰাজনক ক’লে —

বাবু তুমি কিবা এটা কৰা, মই আৰু তোমাৰ অবিহনে থাকিব নোৱাৰোঁ । 

এই বাৰ ল’ৰাজনে ছোৱালীজনীক ক’লে — 

মইটো চেষ্টা কৰিয়েই আছোঁ। আজি-কালি চৰকাৰী চাকৰি পোৱা বহুত কঠিন । 

মই অলপ সময় সিহঁতৰ কথা শুনি থাকিলো। মাজতে এবাৰ সিঁহতৰ ফালে কেৰাহীকৈ চালোঁ। মোৰ অনুমান হ’ল ল’ৰাটোৰ বয়স ২৩ বছৰ আৰু ছোৱালীজনীৰ বয়স ২০ বছৰ মান হ’ব। মই একো নোকোৱা দেখি পি.চি.বৰুৱাই মোক কিবা ক’বলৈ ওলাইছিল। মই আকাৰ ইংগিতেৰে বুজাই দিলোঁ যে মই সিহঁতৰ কথা শুনি আছোঁ। মোৰ লগত বৰুৱাই ব্যস্ত হৈ সিহঁতৰ কথা শুনি গ’ল।

ল’ৰাজনে পুনৰ ছোৱালীজনীক ক’লে —

তুমি পাপাক বুজাবা । 

ল’ৰাজনৰ কথা শুনি ছোৱালীজনীয়ে ক’লে –

নাই বাবু মই আৰু বুজাব নোৱাৰোঁ ….। পাপাৰ এটাই কথা চাকৰি কৰা ল’ৰা লাগে ।

ল’ৰাজনে এইবাৰ খঙেৰে ক’লে —

চাকৰি কৰা ল’ৰা লাগে, চাকৰি কৰা ল’ৰা লাগে । আৰে আজিৰ দিনত চাকৰি পোৱাটো ইমান সহজ কথা নহয় । মোৰ দৰে b.sc পাছ কৰা ল’ৰা এজনে এটা চাকৰিৰ আশাত কেনেকৈ বিয়াকুল হৈ আছোঁ ! আৰু তোমাৰ পাপাক কি লাগে? চাকৰি কৰা ল’ৰা! অসমৰ কত ল’ৰা BA , MA কৰি চাকৰি পোৱা নাই .. সিহঁতে এতিয়া নাঙলৰ মুঠি ধৰিছে! কোনোৱে এই মহানগৰীত অটʼ চলাইছে , কোনোৱে ৰিস্কা , আকৌ কোনোৱে ফুটপাথৰ ওপৰত চাহৰ দোকান দিছে এয়াই শিক্ষিত যুৱক সমাজৰ বিলৈ। 

দুয়ো কিছু নিৰৱ হৈ পৰিল । ল’ৰাজনৰ কথা শুনি মোৰ বেয়া লাগিল .. মোৰ বুলি নহয় পি.চি বৰুৱাৰো বেয়া লাগিল । আজিৰ চাকৰি বিলাক টকাৰ ওপৰত হে বেচা কিনা হয় । 

এইবাৰ ছোৱালীজনীয়ে ল’ৰাজনক কান্দি কান্দি ক’লে —

বাবু তুমি মোক এনেকৈ ক’লা …নাথাকো মই এই পৃথিৱীত। মই বিদায় ল’ম এই পৃথিৱীৰ পৰা। 

ল’ৰাজনে খঙেৰে ক’লে —

যোৱা য’ত যোৱা তাতে …। 

মই আৰু সিহঁতৰ কথা শুনি থাকিব নোৱাৰিলোঁ। মই ল’ৰাজনক ক’লো

 — এনেকৈ কয় নেকি ? নিজৰ ভালপোৱা মানুহ গৰাকীক । 

— চাওকচোন বাইদেউ এটা চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নেকি? 

— আৰে মাইনা তুমি এওঁক ভালপোৱা চাকৰি কথা কিয় ভাৱিছা । পৃথিৱীখন নিজৰ দৃষ্টিৰে চাবলৈ শিকা , বেলেগৰ দৃষ্টিৰে নহয়।

মোৰ কথা শুনি ডাক্তৰ বৰুৱাই ক’লে 

— বাইদেউয়ে কি কৈছে শুনিছা নহয়। আৰু ভাইটি তুমি কি পাছ কৰা বুলিছিলা ।

— B.sc দাদা।

— কোন depart …? 

— বায়ʼলজি দাদা ।

ল’ৰাজনৰ কথা শুনি মই হাঁহি এটা মাৰি ক’লো 

— দাদা নহয় এখেত চাৰ ডাক্তৰ পি.চি বৰুৱা ….। 

মোৰ কথা শুনি ছোৱালীজনীয়ে ক’লে । 

আপোনাৰ কথা আজি পেপাৰত পাইছিলো …। কিন্তু মই ভবা নাছিলো আপোনাক লগ পাম বুলি ।

 এই বাৰ ল’ৰাজনে ক’লে 

ময়ো কালি দেখিলোঁ ৰাধা হাজৰিকা আৰু পি.চি বৰুৱা …।

ল’ৰাজনৰ কথা শুনি এইবাৰ পি.চি বৰুৱাই ক’লে —

এয়া ৰাধা হাজৰিকা ।

দুয়োৰে নিতাল মৰা মুখ দুখন উজ্জ্বল হৈ উঠিল। দুয়ো যেন আশাৰ ৰেঙণি বিচাৰি পাইছে। 

পি.চি বৰুৱাই ক’লে 

— এইখন মোৰ কাৰ্ড । কিবা সহায় লাগিলে ফোন কৰিবা ।

বৰুৱাৰ এই মহান মানৱতা দেখি মোৰ ভাল লাগিল। বৰুৱা মানুহজন সচাঁকৈ বহুত বেলেগ ।

তেওঁ ক’লে — 

তোমালোকে বহা কথা পাতা আমি আহিছোঁ। আৰু ভাইটি মোক এদিন লগ কৰিবা ।

আমি চিৰিৰে তললৈ নামি আহিলো। আৰু পি.চি বৰুৱাই গাড়ীখন পাৰ্কিংৰ পৰা উলিয়াই মোক ক’লে —

ৰাধা বহা । 

মই গাড়ীত বহিলো। তেওঁ গাড়ীখন start দিলে !

                     ••••সমাপ্ত••••

                           সঞ্জীত দাস ( পাটাছাৰকুছি )

Also Read প্ৰথম প্ৰেম A Assamese Romantic love story

নীলা খামৰ চিঠি – ৰোমান্টিক লাভ ষ্টৰ

Leave a Comment